শোকাৰ্ত বৃদ্ধাৱাস
দেৱজিৎ কোঁৱৰ
শিৱসাগৰ
শাৰদী ঊষাৰ হেঙুলী প্ৰভা,
তেনেকৈয়ে মনৰ দাপোণত হেঁপাহৰ চূড়া ।
স্মৃতিত সমস্ত দিন,
এতিয়া সূৰ্য হিয়াহীন !
শোকাৰ্ত বৃদ্ধাৱাস...
কোনে কয় অতীত বিলিন কালৰ গতিত ?
আজিও সৰ্বশৰীৰত তৰংগায়িত,
প্ৰতিটো সূৰ্যই মাৰে ভুমুকি
মনৰ কোঠালিত ।
নিজানত মাজনিশা
সৰ্বাঙ্গত ধাৰণ কৰা
শত-সহস্ৰ সেউজ আশা ।
বুকুৰ উমানত ভাঙে হিয়া,
হৃদয়ত অন্তহীন কৰুণ শোকগাথা !
শোকাৰ্ত বৃদ্ধাৱাস...
নিজকে উবুৰিয়াই দিয়া আশাত
শূন্য জীৱন-প্ৰৱাহ ।
কোনে মোহাৰিব দুৰ্যোগৰ দুখ ?
সূৰ্যই লৈছে অন্ধ খোজ,
দহি নিয়া জুইত সাঁচতীয়া সুখ ।।
No comments:
Post a Comment