গণতন্ত্ৰ
জনাৰ্দন তালুকদাৰ
নলবাৰী
যদিও পোহৰ ফুলিছে
দেশৰ বৈদ্যুতিক চাকিৰ ভিতৰত
নিম্ন বেৰৰ দ্বাৰা পৰিচালিত উদ্যানখনৰ
জন্তুবোৰ তালিকাবিহীন হৈ আছে
চোবাই আছে জন্তুবোৰে
মানুহৰ মঙহ আৰু হাড়
তেওঁলোকে বিচাৰি আছে
কিবা গোপন অংক
তেওঁলোকে ৰজা অশোকক
চিনি নাপায়
উচ্চাৰণ কৰিছে
স্মৰণৰ মাজত জুৱা খেলা চিন্তা
বৃদ্ধি কৰিছে ঘামৰ মূল্য
জন্তুবোৰে চাহ হিচাপে
পান কৰে মানুহৰ তেজ
জন্তুবোৰৰ আগমনত
হেৰাই গৈছে স্বাধীনতা নামৰ
ৰঙীন চৰাইটো
কোনোবা দুৰ্গম অৰণ্যৰ মাজত
গণতন্ত্ৰ
এসময়ত এই উদ্যানতে
ৰোপণ কৰা হৈছিল
এডাল শক্তিশালী বৰগছ
এক ডাঙৰ প্ৰয়োজনত।।
ঠিকনাঃ- প্ৰজন্ম এক অবিৰত যাত্ৰা(সাহিত্য সাংস্কৃতিক অনুষ্ঠান)
ডাকসূচকঃ- ৭৮১৩১০
যোগাযোগঃ- ৬৯০০৭৮৮৮৭০
জিলাঃ- নলবাৰী(অসম)
No comments:
Post a Comment