স্বীকাৰোক্তি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 2, 2022

স্বীকাৰোক্তি

 


স্বীকাৰোক্তি

               দীপিকা ফুকন

                        গোলাঘাট 

            


অলপ আড়ষ্টতা


চাওঁ নে নাচাওঁ


মাতো নে নামাতো


এনেকৈয়ে..


পুহ নে মাঘ মাহৰ

কোনটো আবেলিত জানো

তোমাৰ হৃদয়ৰ নঙলাত

আৰি থৈ আহিছিলো 

মোৰ কেঁচা কলিজাটো


তেতিয়াৰে পৰা

তোমাৰ ভাললগা

প্ৰতিটো কামেই

মই কৰিছো


তোমাৰ দাবীতেই গাঁঠিচো 

শব্দৰ মালিতা

মোৰ কবিতাৰ ভাজতো

তোমাকেই পাবা


মোৰ হৃদয়ৰ প্ৰতিতো কুঠৰিতে

খোদিত হ'ল

তোমাৰ প্ৰেমৰ শিলালিপি

ইয়াক নোমোছিবা


এনে হ'লে

তোমাৰ প্ৰেমত উন্মাদ হৈ

মই হেৰায় যাম

নীলাৰ পৰা সীমাহীন আন্ধাৰত।।        



                 ফোনঃ ৯৫৩১১২১৩২৮                       


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages