জিভাৰ ঘা
পিংকুজিৎ
কেবাদিনৰে পৰা
মুুখৰ ভিতৰভাগত আৰু
জিভাত ঘা
অস্বস্তিত
আৰাম পোৱাৰ আশাত
যিয়ে যি দিছে দিহা একো নভবাকৈয়ে
তাকেই আনি চোবাইছোঁ---
ফলত
জিভা হৈছে গৈ বানৰ পাছৰ
বিতুমিনৰ বাট
যন্ত্ৰণাত
চিন্তা নকৰাকৈয়ে যি আহিছে মনলৈ
তাকেই লিখিছোঁ
মুখৰ জ্বলনত
না দুখৰ দুষাৰ ক'ব পাৰিছোঁ
না সন্তুষ্টিৰে পেটত কিবা পেলাইছোঁ---
কথা হৈ পৰিছে কাঁইট
খাদ্য হৈ পৰিছে বিষ
কথা ক'ব নোৱাৰি
সোৱাদ ল'ব নোৱাৰি
মুখ মেলি জিভাৰ বিজাল পেলাই থাকোতে দুষাৰ কথাই নতুনকৈ
মোৰ জিভাত জুতি লগালে যে---
কথা চোবাই চোবাই সোৱাদ ল'ব জনা
পকধৰা অন্তৰৰ গৰাকীয়ে নাজানে
কুমলীয়া বগৰীপাতৰ গুণে
কেনেকৈ ৰাখে
খহতা জিভাৰ মান!
No comments:
Post a Comment