আইৰ উশাহ-ৰেখা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, June 2, 2022

আইৰ উশাহ-ৰেখা

 



আইৰ উশাহ-ৰেখা

                          গৌতম মালাকাৰ

                                         কৰিমগঞ্জ


মোৰ ধমনীত কাৰ শব্দ-স্ফুলিংগ প্ৰবাহিত হয়,

মাটিৰ সুগন্ধ সনা কাৰ গানত

মোৰ হৃদপিণ্ডৰ ছন্দময় সঞ্চালন দ্ৰুততৰ হয়?

কাৰ কবিতাই মোৰ কলিজাত ডুগ ডুগ ডম্বৰু বজায়, 

সিৰাই-সিৰাই স্বাভিমানৰ অগনি কোনে জ্বলায়?


"এই স্বাধীনতা মিছা স্বাধীনতা" বুলি

বাৰে বাৰে কোনে আমাক সকিয়ায়?


"বিষ্ণু-অগ্নি-শয্যা"ৰ প্ৰেৰণাৰ উত্তাপত

নিতৌ পাহোৱাল হয় আইৰ ৰণুৱা-ডেকা দল,

"জুইৰ মিঠা বিছনাত" সূত্ৰধাৰে শেষ ভাও দিয়ো

সাৰে ৰাখিছে আমাক, 

আমি জাগি থাকিম চিৰকাল!


"বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে" নচা

সুৰৰ পূজাৰীৰ পূজ্য বন্তি জ্বলাই যাম,

কলাগুৰুৰ আশিস লৈ

বিশ্বজুৰি গাই যাম আপোন সংস্কৃতিৰ গান,

জাতিৰ উশাহ-ৰেখা টানি যাম 

যুগ-যুগলৈ.... অনন্ত কাললৈ…


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages