নিবনুৱাৰ জীৱন
দিক্ষীত কুমাৰ দাস
ষ্ট্ৰীট লাইটৰ তলত বহি থকা সিহঁত কেইটাক
নাভাবিব মদাহী বুলি..
সিহত কোনো মদাহী নহয় !
নাভাবিব জুৱা খেলি থকা বুলি..
সিহত কোনো জুৱাৰী নহয়!
আপুনি নাভাবিব সিহত বলিউদৰ মুখা পিন্ধা
নায়ক নায়িকাৰ দৰে
গান্জাৰী বুলি !
জানিব বিচাৰে নেকি
সিহত কোন?
তেন্তে শুনক...
পুহ-মাঘ মাহৰ সেই ঘন কুঁৱলিত
আপুনি বা মই যেতিয়া
দামী লেপৰ তলত
শীতৰ আমেজ লৈ শুই থাকো...
সিহতে সেই শীতত কাহিলিপুৱাতে
কুঁৱলী ফালি ফালি
দৌৰিবলৈ যায়!
কিয় জানেনে?
কেনেবাকৈ কিজানিবা
Assam poloce ত
চাকৰি এটাকে পায়!
আপুনি যেতিয়া ৰাতিপুৱা ৮-৯ বজাত
হাতত কফিৰ কাপ লৈ Garden ত বহে
সিহতে দৌৰি আহি লোকৰ ঘৰত
হাজিৰা কৰিবলৈ যায়!
আপুনি যেনেকৈ সন্ধিয়া ঘৰলৈ উভতি আহি
হাতমুখ ধূই...
টিভিত হিন্দী চিনেমাৰ জুতি লয়
সিহঁতেও ঘৰলৈ আহি হাত মুখ ধূই
ষ্ট্ৰীট লাইটৰ তলত বহি সমনীয়াৰ লগত
কথা পাতি ভাগৰ জুৰাই!
আপুনি হয়তো ভাৱিছে!
সিহঁতৰ শিক্ষা নাই বুলি...
কিন্তু ভূল ভাবছে!
সিহঁত মেধাৱী ছাত্ৰ নহবও পাৰে
কিন্তু সিহঁত একেবাৰে অশিক্ষিত ও নহয়!
সিহঁতৰ হাতত ইমান টকা ও নাই
এটা চাকৰি কিনি লব পৰাকৈ!
নেতা-মন্ত্ৰীসকলৰ লগত চিনাকীও নাই ,
সিহঁতৰ বুকুত অদম্য সাহস আছে নিজৰ
সামৰ্থ্যত চাকৰি এটা ল'বলৈ ।
সিহঁত মুকলি আকাশৰ পক্ষী
সিহঁত নিজৰ সামৰ্থ্যত উৰি ভাল পায় ৷৷
No comments:
Post a Comment