তোমাক নেদেখিলে
কৃপনাথ পেৰমে
তোমাৰ সান্নিধ্যত মই বিচাৰি পাওঁ
জীয়াই থকাৰ স্বপ্ন,
অনুৰণন ধ্বনি বাজি উঠে
বুকুৰ ভিতৰে-বাহিৰে
দেহাবয়ব, মুখাবয়ব
হৃদয়াবয়ব, সকলোতে
গোলাপী ৰঙৰ আঁচোৰ
কলিজাত চেলেকাৰ দাগ
মোৰ হিয়াৰ কুঁহিপাতে
দুপাহি মেলি
তোমাকে আবেদন কৰে
লাজ লাজকৈ নিজকে সপি দিয়ে,
অনন্যা ৰূপত।
কম্পিত ওঁঠ, ফুলাম দুচকু, গোলাপী দুগাল
পুৰঠ বুকু আৰু ভৰিৰ পৰা মূৰলৈ
বৈ যোৱা এটোপাল
তপত তেজৰ উমাল স্পৰ্শ সনা
অনন্য সুন্দৰ দেহ,
তুমি কোন শৰতৰ
জ্যোৎস্নাবিনী জোন
সময়ে-অসময়ে মোক দিব পৰা
অন্তহীন প্ৰেমৰ কল্লোল,
তুমি অমানিশাৰ জোন।
ঠিকনা :মহুৰা চাপৰি, ঢকুৱাখনা
জিলা :লখিমপুৰ
No comments:
Post a Comment