মিলি জুলি থাকোঁ
অৱনী মিলি
গুৱাহাটী
আহক আমি সকলোৱে
মিলি জুলি থাকো
এই ধুনীয়া পৃথিৱীত।
মৃত্যুই আহি মাতিলৈ গলে
নাজানো অহা জনমত পুনৰ
লগ হমনে নাই।
বহু ভাগ্যৰ মূৰত পাইছোঁ
আমাৰ এই মূল্যবান জীৱন
এবাৰ উভতি গ’লে আৰু
লগপোৱাৰ আশাওযে নাই।
এই পৃথিৱীলৈ অহা আৰু
ঘূৰি যোৱাৰ দিন তাৰিখ সময়
আমাৰ হাতত নাই।
মৃত্যুহৈ গুচি যাবৰ বেলিকা
গৰ্ব অহংকাৰ আপোন পৰ
লগত একোৱেই নাযায়।
এই পৃথিৱীলৈ অহা আৰু
যোৱাৰ বাহিৰে
মাজত যিমান দিন পাইছো
এয়াহে আমাৰ নিজৰ।
তাকে লৈ সকলোৱে
এজনে আনজনৰ লগত
মিলি জুলি থাকো
কাৰণ জীৱন ঘূৰি যোৱা নদীৰ সোঁতত
সকলোৰে অকলশৰীয়া নাও ,
সেয়ে জীয়াই থাকোতে দৈনন্দিন
কৰণীয় কাম সময় মতে
কৰি থৈ যাও।
নিজৰ সুখ আনন্দৰ বাহিৰেও
সমাজৰ বাবে ,
আপোন মানুহৰ বাবে ,
যি পাৰো কৰো আহক।
এই সংসাৰ এৰি যাবৰ
বেলিকা কোনেও লগত
নোৱাৰে যাব
যি দিয়া জীয়াই থাকোতে দিয়া
যি কৰা মৰম জীয়াই
থাকোতে কৰা।
কেতিয়া কাৰ মৃত্যু হব
কোনেও নোৱাৰে কব ,
সেয়ে সকলোৱে হাঁহি মুখে
মিলি জুলি থাকিব
পাৰিলেই হব।
এবাৰ মৃত্যু হলে
নাজানো আৰু কোনোবা
জনমত পুনৰ আহিব
পামনে নাপাম
নাজানো আকৌ আহিলেও
লগ হমনে নহম।
সেয়ে, জাতি ভেদ পাহৰি
এই পৃথিৱীত জীয়াই থকা
দিনবোৰত আহক আমি
সকলোৱে হাঁহি মুখে
মিলি জুলি“দকচিৰি“হৈ থাকি
পৃথিবীত মৰমৰ স্ৱৰ্গ বনাও।
No comments:
Post a Comment