জীৱন সংগ্ৰাম
নৃপেন দাস
জালাহ, বাক্সা
জীৱন যুঁজৰ নাট খনিৰ আখৰা চলিছে
ভাও দিব গৈ বচন পাহৰি
থমকি ৰৈছো ৷
আইৰ শালৰ আঁত হেৰুৱা
সূতা পকোৱা মহুৰাতোৰ
আঁত বিচৰাৰ দৰে ৷
জীয়াই থকাৰ হেপাঁহত
কান্দি কান্দি হাঁহিব লগা হৈছে
আপোনজনৰ বাবে ৷
মই পৰাজিত সৈনিক হ’ব নোখোজোঁ
কান্দি কান্দি দুৰ্বল হব নোৱাৰো
হাঁহি হাঁহি যুজিব লাগিব
জীৱনৰ তপত মৰুভূমিত
জীৱনৰ ৰঙৰ বাবে ৷
পলাশৰ ৰঙেৰে ৰঙীন কৰি
এৰি যাব বিচাৰো
এটি নতুন উষা ৷
সুখৰ চিঞাহীৰে বুলাই যাব
বিচাৰো জীৱনৰ ইতিহাস ৷
No comments:
Post a Comment