ঐনিতমৰ সুৰ ভাঁহে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

ঐনিতমৰ সুৰ ভাঁহে

 


ঐনিতমৰ সুৰ ভাঁহে

                                      চন্দ্ৰপ্ৰভা

                                                গুৱাহাটী



মনালিছাৰ দৰে ন'হলেওঁ 

মোৰ হাঁহিটি মোৰ বৰ প্ৰিয় আছিল 

হাঁহিটি ক্ৰমশঃ

ঢল হৈ নামি অহা বিষন্নতাৰ সোঁত

তোৰ স্মৃতি আৰু মোৰ নিস্বাৰ্থতাৰ

অশ্ৰুবোৰৰ মাজত চেতনাহীন প্ৰাচীন জঁকা

আৰু কিমান সহিব ! অৱশ হৈ পৰিছে

চাগে স্তব্ধ হ'ব ! হয়তো মৃত্যু !

কাংকান ঐ! তোক নিজৰ কৰি

ৰাখিবলৈ মোৰ যে কলিজাতো

শূণ্যতাৰ জালত ওলমি আছে

শক্তিৰ ভড়াল উদং মোৰ...

একাঁজলি স্নেহেৰে মাথো

তোক সোঁৱৰাই দিলোঁ ।

বুকুৰ মাজত হৃদয় খন

খেপিয়াই বিচাৰি পোৱা নাই !

অনাকংক্ষিত বিস্ময় আৰু

মায়াময় হেঁপাহ আৰু সপোনসনা

সৌন্দৰ্য্যৰ অলংকাৰ বোৰ

যাতনাৰ তীব্ৰ আঘাটত

বিষন্নতাৰ গোপন উদ্যানত

মুঠি মুঠিকৈ সোমাই পৰিছে

মনৰ মাজত ৰাতিৰ বিষন্ন

আকাশখন ভাগৰত শুই পৰিছে

আমন-জীমনকৈ ৰৈ  আছে

দূৰণিৰ নিসংগ ধ্ৰুৱ ত'ৰাটি

হাটিপটিৰ পৰা চিটিকি পৰি

যন্ত্ৰণাত কেঁকাইছে নক্ষত্ৰ এটি

হাঁহিটি স্তব্ধ হ'লেই

মইওঁ স্তব্ধ হৈ পৰিম...

কবিতাবোৰ বৰফ হ'ব

আবেলি বোৰ শিল হ'ব !

বুকুৰ মাজত টুলুং-ভুটুং 

নাওঁ আৰু বঠাৰ চপচপনি

ঐনিতমৰ সুৰ ভাঁহে দূৰণিত

এবুকু জোনাক বুকুত বান্ধি

তোলৈ মনত পেলাওঁ

কাংকান ঐ ! 

তোৰ মাতত কৃত্রিমতা নাই

তোৰ হৃদয় ৰক্তাভ সূৰ্য্যোদয় 

পাহৰিব পাৰো বুকুভৰা বিষাদ 

সু-তীব্ৰ আন্তৰিকতাৰ বিষাদ

ৰিব-ৰিব বতাহত এতিয়া 

বুকুত অহৰহ বাজে ডুগ-ডুগ

নিঃতম আৰু কুৰুলিৰ সুৰ

টঙীঘৰ হেঁপাহৰ চাংঙৰ

বৰ সন্ধিয়া পুৰা মাছৰ ছাটনি,

জোনে ধোৱা হেঙুলি আবেলি পি খ‍াওঁ

পঃআপঙৰ বাটিৰ সোৱাদ …!


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages