জীৱন এনেকৈয়ে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

জীৱন এনেকৈয়ে

 


জীৱন এনেকৈয়ে

                                  পূৰৱী ফুকন

                                          দেৰগাঁও  


তিনিআলিৰ জৰাজীৰ্ণ জিৰণি চৰাটোৰ

একেবাৰে পচা খুটাটোত সামান্য ভেজা দি 

মানুহ এজনী ৰৈ আছে

মানুহজনীৰ ভৰিৰ তলুৱা দুখন ৰঙা

ফেৰেকা কোলাত এটা মানুহ 

তাই কেকো- জেকোঁকৈ শুকান হাত দুখন 

মোৰ ফালে আগবঢ়াই 

মই কিবা এটা সোধাৰ আগতেই তাই মোক ক'লে- "দাদা মানুহজন বেমাৰী গতিকে----

মই মোৰ জেপত সেমেকা হাত এখন ভৰাওঁ আৰু,

হাতত লাগি আহে শ্ৰীমতীৰ পাকঘৰৰ এখন লিষ্ট 

বুকুখন ঢপং কৰি চেপা মাত এটা ওলাই আহে মোৰ 


"কাইলৈ নিশ্চিত ভাৱে মই তোমাৰ ওচৰলৈ আহিম"


দুভাগ ৰাতি

হুমুনিয়াহৰ ছিগাৰেট এটা জ্বলাই 

মাটিৰ টেকেলীটো হাতত লওঁ 

লেপেটাকাঢ়ি বহোতে মানুহজনীৰ চকুকেইটা মনত পেলাওঁ

প্ৰতিশ্ৰুতিৰ গৰাহত মই থিয় হওঁ


এইখিনি সময়ত মই ভাৱিছো 

" আই - পিতাইৰ বাবে ভাত কাপোৰ এখন আৰু

শ্ৰীমতী- পোণাকণৰ আশাবোৰ পালিব পৰাকৈ মই মধ্যবিত্ত নে?


পিছদিনা ঠিক একে সময়তে 

মই সেই ঠাইলৈ যাওঁ

মানুহজনী ৰৈ আছিল 

জেপৰ পৰা উলিয়াই দিলো 

ঠুং ঠুং কৈ সৰিল কেইটামান সৰু মুদ্ৰা

তাই এটা জীয়া হাঁহি মাৰিলে

মই সুখী দেখিলো তাইক

কিন্তু সুখী হ'ব নোৱাৰিলো মই 


মই সুখী হ'ব নোৱাৰিলো এই কাৰণেই যে 

তাত এটা কেপচুলৰ দাম নাছিল 

মই সুখী হ'ব নোৱাৰিলো এই কাৰণেই যে 

আজি শ্ৰীমতীৰ পাকঘৰত জ্বলাব নোৱাৰিম চৌকা


তথাপিও কোনো কথা নাই 

সিহঁতে বুজে " জীৱন বৰ অনুপম -------,

আৰু বুজে সিহঁতে 

মোৰ যে এখনেই  হাত 

তাকো যোৰা লগা 

ক্ৰমশঃ

ওখ ওখ অট্টালিকা 

 কিম্বা কোনোবা মেম চাহাবৰ বিলাসী গাড়ীৰ ধূলিত

মোৰ হাতখন বগাই যায়

মৃত শৰীৰবোৰ জীয়াই তোলাৰ আশাত।




ঠিকনাঃ দেৰগাঁও তিনি নম্বৰ গেট 

পিন নাম্বাৰ ৭৮৫৬১৪

ফোনঃ ৭০০২৭১৪০৯৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages