সন্ধিয়া আহে নতুনকৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

সন্ধিয়া আহে নতুনকৈ



 সন্ধিয়া আহে নতুনকৈ  

                                বিশ্বজিত শইকীয়া

                                                     কাৰ্বিআংলং, 


সন্ধিয়াৰ সুহুৰিটো নিচা

তৰাবোৰে তামাছা কৰে

আকাশত উদাসীন চন্দ্ৰ এটা ওলমি থাকে।


গুণগুণাই আহে সন্ধিয়া

গীতৰ জীপাল মজিয়াত

ৰাগিৰ বীজে গজালি মেলে

মন মগজুত সুৰাৰ প্ৰতিধ্বনি বাজে।


সম্ভাৱনা শিপা বগাই 

কলিজা পাইগৈ,

বুকুৰ ওপৰত পোখামেলা পাতবোৰ

বতাহত হালে কি জালে

ওঁঠত মুকুতাৰ মালা আৰি

প্ৰাৰ্থনাৰ দৰে পবিত্র সাজ এযোৰ পিন্ধি

কাৰোবাৰ প্ৰেমত আন্ধাৰ হবলৈ 

সন্ধিয়া আহে নতুনকৈ।


                 ফোনঃ 6001526825


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages