অসবৰ্ণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

অসবৰ্ণ



 অসবৰ্ণ

                                                                     নৱযানী বৰুৱা শইকীয়া

                                                                                               ডিগবৈ



    কথাবোৰ ভবাৰ দৰে সহজ নাছিল । জুম ফালি আগুৱাই যাওঁতে হাজাৰজনৰ চকুৰে মোক বিন্ধি গৈছিল। তীৰ্যক চাৱনিৰ ভাষা পঢ়িবলৈ তেতিয়া সময় নাছিল আৰু বুজিবলৈ ইচ্ছা নাছিল । সেয়ে স্থিতপজ্ঞতাৰে আগবাঢ়ি গলো ।

তেতিয়া আকাশত পঞ্চমীৰ জোন । নীলা আকাশ খন ক্ৰমাৎ গাঢ় নীলা হৈ উঠিছে। একোণত ডাৱৰৰ কুন্দলী, ব'গা ক'লা চকা মকা।

এজাক মানুহৰ কোৰ্হাল। হিংস্ৰ বন্য উল্লাসত মত্ত হৈ কেৱল চিঞৰিছে,,,,,

: মাৰ ঐ তাক ( ,,,,,,)


সন্মুখৰ গছ জোপাৰ গাত আঁতি আঁতি বান্ধি থৈছে দুটি নিষ্পাপ জীৱ ।


নীলনয়ন আৰু হিমাশ্ৰী।

ইটোৱে সিটোক সাৱটি জীৱনৰ শেষ সময়কন উপভোগ(?) কৰিছে । অপৰাধ তেওঁলোক প্ৰেমিক যুতি। সমাজৰ নিয়মৰ বিপৰীতে গৈ অসবৰ্ণ বিবাহ কৰিছে,,,,গন্ধৰ্ব বিবাহ ।


: নীল,,,,

: উ

: আমি পলাই যাওঁ ব'লা ।

মৰমৰ প্ৰেমিকাৰ কাতৰ অনুৰোধ ।

: এইখন সমাজে আমাক জীয়াই থাকিবলৈ নিদিয়ে নীল,,,,,,

দিহিং পাৰৰ কঁহুৱাৰ আঁৰত কোৱা প্ৰেমিকাৰ এই ফুচফুচনীৰ পূৰ্ণ ৰূপ দিবলৈ তেওঁলোকে আজি গন্ধৰ্ব বিবাহ কৰি পাহাৰৰ ফালে পলাই যাবলৈ ওলাই আহিছিল,,,,,,


: মাৰ বে,,,,,কি চাই আছ ,,,,,নিলাজ কেইটাৰ মুখত ,,,,,,,


কাৰোবাৰ কন্ঠত ঘৃণা ভৰা চিঞৰ ।

লগে লগেই সকলোৱে যিয়ে যেনেকৈ পাৰে চৰ ভুকু গোৰ দি গৈছে,,,,,

: নেমাৰিবা আমাক নেমাৰিবা,,,,,

জীয়াই থাকিবলৈ দিয়া,,,আমি কোনো পাপ কৰা নাই,,,,,,

আটাহ পাৰি কোৱা নীলৰ কথাখিনি মানুহৰ অটহাস্যত কোনেও শুনা নাই । কেৱল মাৰ আৰু মাৰ,,,,


তড়িৎ গতিৰে যেতিয়া নীলনয়ন আৰু হিমাশ্ৰী কাষত ঠিয় হৈছিলোঁ তেতিয়া দুয়োৰে মুখৰ পৰা অস্ফুট গেঙণি বাহিৰে বিশেষ একো নাছিল । পৰিস্থিতি ভয়াবহতা অনুমান কৰি চিঞৰি আদেশৰ সুৰত কলোঁ,,,,


 : ফায়াৰ,,,,

গুৰুম গুৰুম কৈ বন্দুক বোৰে গৰজি উঠিল,,,শূণ্যলৈ,,,,,,,

মানুহবোৰ ফৰিং চিটিকা দিলে ।

তেজে তুমুৰালী দুটি নিথৰ প্ৰাণহীন শৰীৰ ষ্ট্ৰেছাৰ খনত তুলিবলৈ লৈ ক্ষন্তেক ৰৈ গলো । মুখেৰে স্বৰ্গোক্তি কৰিলোঁ,,,,,

: সঁচাই আমি সদায় পলমকৈয়ে আহোঁ ।


ফোনঃ 9101768437


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages