অসবৰ্ণ
নৱযানী বৰুৱা শইকীয়া
ডিগবৈ
কথাবোৰ ভবাৰ দৰে সহজ নাছিল । জুম ফালি আগুৱাই যাওঁতে হাজাৰজনৰ চকুৰে মোক বিন্ধি গৈছিল। তীৰ্যক চাৱনিৰ ভাষা পঢ়িবলৈ তেতিয়া সময় নাছিল আৰু বুজিবলৈ ইচ্ছা নাছিল । সেয়ে স্থিতপজ্ঞতাৰে আগবাঢ়ি গলো ।
তেতিয়া আকাশত পঞ্চমীৰ জোন । নীলা আকাশ খন ক্ৰমাৎ গাঢ় নীলা হৈ উঠিছে। একোণত ডাৱৰৰ কুন্দলী, ব'গা ক'লা চকা মকা।
এজাক মানুহৰ কোৰ্হাল। হিংস্ৰ বন্য উল্লাসত মত্ত হৈ কেৱল চিঞৰিছে,,,,,
: মাৰ ঐ তাক ( ,,,,,,)
সন্মুখৰ গছ জোপাৰ গাত আঁতি আঁতি বান্ধি থৈছে দুটি নিষ্পাপ জীৱ ।
নীলনয়ন আৰু হিমাশ্ৰী।
ইটোৱে সিটোক সাৱটি জীৱনৰ শেষ সময়কন উপভোগ(?) কৰিছে । অপৰাধ তেওঁলোক প্ৰেমিক যুতি। সমাজৰ নিয়মৰ বিপৰীতে গৈ অসবৰ্ণ বিবাহ কৰিছে,,,,গন্ধৰ্ব বিবাহ ।
: নীল,,,,
: উ
: আমি পলাই যাওঁ ব'লা ।
মৰমৰ প্ৰেমিকাৰ কাতৰ অনুৰোধ ।
: এইখন সমাজে আমাক জীয়াই থাকিবলৈ নিদিয়ে নীল,,,,,,
দিহিং পাৰৰ কঁহুৱাৰ আঁৰত কোৱা প্ৰেমিকাৰ এই ফুচফুচনীৰ পূৰ্ণ ৰূপ দিবলৈ তেওঁলোকে আজি গন্ধৰ্ব বিবাহ কৰি পাহাৰৰ ফালে পলাই যাবলৈ ওলাই আহিছিল,,,,,,
: মাৰ বে,,,,,কি চাই আছ ,,,,,নিলাজ কেইটাৰ মুখত ,,,,,,,
কাৰোবাৰ কন্ঠত ঘৃণা ভৰা চিঞৰ ।
লগে লগেই সকলোৱে যিয়ে যেনেকৈ পাৰে চৰ ভুকু গোৰ দি গৈছে,,,,,
: নেমাৰিবা আমাক নেমাৰিবা,,,,,
জীয়াই থাকিবলৈ দিয়া,,,আমি কোনো পাপ কৰা নাই,,,,,,
আটাহ পাৰি কোৱা নীলৰ কথাখিনি মানুহৰ অটহাস্যত কোনেও শুনা নাই । কেৱল মাৰ আৰু মাৰ,,,,
তড়িৎ গতিৰে যেতিয়া নীলনয়ন আৰু হিমাশ্ৰী কাষত ঠিয় হৈছিলোঁ তেতিয়া দুয়োৰে মুখৰ পৰা অস্ফুট গেঙণি বাহিৰে বিশেষ একো নাছিল । পৰিস্থিতি ভয়াবহতা অনুমান কৰি চিঞৰি আদেশৰ সুৰত কলোঁ,,,,
: ফায়াৰ,,,,
গুৰুম গুৰুম কৈ বন্দুক বোৰে গৰজি উঠিল,,,শূণ্যলৈ,,,,,,,
মানুহবোৰ ফৰিং চিটিকা দিলে ।
তেজে তুমুৰালী দুটি নিথৰ প্ৰাণহীন শৰীৰ ষ্ট্ৰেছাৰ খনত তুলিবলৈ লৈ ক্ষন্তেক ৰৈ গলো । মুখেৰে স্বৰ্গোক্তি কৰিলোঁ,,,,,
: সঁচাই আমি সদায় পলমকৈয়ে আহোঁ ।
ফোনঃ 9101768437


No comments:
Post a Comment