মই জীয়াই থাকিব বিচাৰোঁ
অবিনাশ মহন্ত
মা,
মই জীয়াই থাকিব বিচাৰোঁ
কিয় তোমালোকে মোক
মাৰি পেলাব খুজিছা?
মই তো একো পাপ কৰা নাই
নে,,
তোমালোকৰ উত্তাৱল যৌৱনৰ সাক্ষী হোৱাটোৱেই
মোৰ পাপ
তাত মোৰ ভুল কত মা
মই যে একো বুজা নাই দেউতা
অ দেউতা
মোক জীয়াই ৰখা
জানা দেউতা
শিশু হত্যা মহাপাপ
অ মা অ দেউতা
মই তোমালোক কাকূটি কৰিছোঁ
মোক জীয়াই ৰখা
এই সুন্দৰ পৃথিৱীখন
চাবলৈ দিয়া না মা
দিয়া না দেউতা
ঠিকনাঃ শংকৰপুৰ (বৰকুলৈ)
জাগীৰোড, মৰিগাঁও (অসম)
পিনঃ 782411
ফোনঃ 9864019472


No comments:
Post a Comment