কথা
লক্ষী প্ৰসাদ ৰেগন
চকুৰে মনিব পৰালৈকে মই
নিজক বিশ্বাস কৰিছিলো। আৰু মনটোক সান্ত্বনা দিছিলোঁ
নদীবোৰৰ গাভৰু হোৱা কথা বেঙৰ পৰাই গম পালোঁ
যিমান দূৰ বুজিব পাৰিলোঁ। মোৰ আগে কোনো পথচাৰী নাই
এতিয়া মই কাৰ স'তে কথা হ'ম
গছবোৰৰ হাঁহি খিকিন্দালি সম্ভৱ মোক আগে-পিছে দেখা নাই
মই নিজক এবাৰ নিৰীক্ষণ কৰিলো ওপৰৰ পৰা তললৈ
জীৱনটোৱে পানীমেটেকাৰ দৰে
ঢৌবোৰে ঠেলি পঠায় অ'লৈ ত'লৈ। আৰু মই
নাচি-বাগি ফুৰো
এন্ধাৰৰ সুযোগ বিচাৰি বান্দুলিবোৰ ওলমি আছে।
ঘিটমিটীয়া এন্ধাৰৰ বুকুত
লুকাব খুজিছিল আধা পকা কলবোৰ
কোনো মানুহ শূন্যত নুঘূৰে। শূন্য নিজে শূন্য
জৰিৰ পাক ছিঙিব পাৰি
কথাৰ পাক ছিঙিব নোৱাৰি। কথালৈ ভয় ফটা মুখৰ
কথাৰ নদীত কেৱল অশ্ৰুৰ ধাৰ
কথাৰে কটা কটি হয় আপোন পৰ


No comments:
Post a Comment