অন্য মুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

অন্য মুখ

 


অন্য মুখ

                  ববী দত্ত 

                             টীয়ক


আঁঠু দুটাত মূৰ থৈ বহি আছিল নদী খন

আনদিনাৰ দৰে,

চেঁচা বতাহৰ তালত কলকলাই বৈ যোৱা নাছিল

অথবা

ঘৰ ঘৰ পাতি কঁপা নাছিল তাৰ পিঠি।


সপোন এটাই আগছি ধৰা নিশা

মইও গৈছিলোঁ নদীখনৰ পাৰলৈ

সাঁকো এডাল হৈ দীঘল দি পৰিছিলোঁ

ফটা ছাতি এটাৰে আকাশখন চাওঁ বুলি 

সৰা পাত এখিলাও আছিল মোৰ কাষতে ।

মোৰ বুকুত ভেজা দি

নদীখন পাৰ হৈছিল

এটি পানী কাউৰী যাওঁ বুলিয়েই.......।


কিবা এটা দুখত উমান পায়েই হবলা,

নাৱৰীয়াবোৰ আঁতৰি গৈছিল হুমুনিয়াহ এটা 

একতীয়া কৰি থৈ,

নদীৰ দুয়ো পাৰৰ পথাৰবোৰক নিসংগ কৰি

আঁতৰি গৈছিল

আঘোণৰ পকা সোনবৰণীয়া ভৰ থোক ধানবোৰ.....

মূৰ দাঙি কান্দিছিল সিহঁতে

চিৰালফাত দিছিল বুকু ।


বহুদিন পাৰ হৈ হল

বহু দিনৰ মূৰত নদীখন সতেজ হৈ উঠিল

ভৰপূৰ হৈ পৰিল নৈ পৰীয়া ঘাট

দাঁতি কাষৰীয়া পথাৰ

নৈৰ ঘাটলৈ বুলি উন্মুখ গাভৰ কঁকালৰ কলহ.....


নদী খনৰ ওপৰত এতিয়া আৰু শুই দিব নোৱাৰি

ফেনে ফুটুকাৰে বাঢ়নী পানী

সিহঁতে আলিংগন কৰিছিল নৈৰ ঘাটবোৰক

কামুৰি ছিঙি নিছিল কঁকালৰ মঙহ ।


নদীখনৰ পাৰত বহুপৰ আছিলোঁ মই

সময়বোৰ গণি গনি

এক দুই তিনি...

কিজানি আহে পানী কাউৰী জনী....!!!


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages