মিচিং ভাষা শিক্ষা
খগেন পেগু
যোৱা সংখ্যাৰ পৰা…
নৱম খণ্ড(ষষ্ঠ ভাগ)
মিচিং ভাষা H(হ) আখৰৰ ব্যৱহাৰ
এই আলোচনাত আমি আগতে কৈ আহিছিলোঁ, h(হ) আৰু w(ৱ) মিচিং ভাষাৰ মৌলিক ধ্বনি নহয়৷ কিন্তু নামবাচক বিশেষ্য পদ লিখিবৰ বাবে h(হ) আখৰটো মিচিং বৰ্ণমালাত অন্তৰ্ভূক্ত কৰা হৈছে৷ তেনেকৈ শব্দৰ লগত বিভক্তি বা প্ৰত্যয় যোগ হ'লে বা সন্ধি হ'লে দৰকাৰ হ'ব পাৰে বুলি w(ৱ) আখৰটো মিচিং বৰ্ণমালাত ৰখা হৈছে৷ পিছে h(হ) আখৰটো কিছুমান নামবাচক বিশেষ্য পদ(Proper noun) লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কিছু যুক্তিযুক্ততা থাকিলেও মিচিং ভাষাত w(হ) লিখাৰ বৈয়াকৰণিক যুক্তিযুক্ততা দেখা নাযায় বুলি 'মিচিং ভাষাৰ বানান পদ্ধতি'ত লেখক আৰু গ্ৰন্থকাৰ টাবুৰাম টাইদ ছাৰে স্পষ্টকৈ উল্লেখ কৰিছে৷
আমিও দেখিছোঁ, বহুতো শব্দ লিখাৰ ক্ষেত্ৰত w(ৱ) আখৰে খেলিমেলিৰহে সৃষ্টি কৰে৷ তাৰ উদাহৰণ— Ao, Pao, Tao, Uag, Píag আদিক বহুতে খেলিমেলিত পৰি Awo, Pawo, Tawo, Uwag, Píwag আদি লিখাৰ প্ৰৱনতা দেখুৱায়৷
দ্বিতীয়তে, শব্দৰ লগত বিভক্তি বা প্ৰত্যয় যোগ হোৱাৰ ক্ষেত্ৰতো w(ৱ) আখৰৰৰ অপৰিহাৰ্যতা থকাৰ বৈয়াকৰণিক যুক্তিযুক্ততা নাই; বৰঞ্চ সেয়া শব্দৰ পদ গঠন প্ৰক্ৰিয়া অথবা ৰূপতত্ত্বৰ ক্ষেত্ৰত একপ্ৰকাৰৰ ভাৰাক্ৰান্ততাহে সৃষ্টি কৰে যিটো কথা আমি আগৰ আলোচনাবিলাকত বিদ্যায়তনিকভাৱে বিশ্লেষণ কৰি দেখুৱাইছোঁহক৷
এতিয়া আহোঁ মিচিং ভাষাত h(হ) আখৰৰ ব্যৱহাৰ সম্পৰ্কত বিস্তাৰিতভাৱে কৰা আলোচনালৈ৷
আপাততঃ আমি চাবলৈ গ'লে h(হ) মিচিং ভাষাৰ মৌলিক ধ্বনি নহয়; কিয়নো মিচিং ভাষা হ'ল এনেকুৱা এটা ভাষা য'ত মহাপ্ৰাণ ধ্বনিৰ অভাৱ৷ সেয়ে এই ভাষাত k(ক), g(গ), t(ত),... আছে; কিন্তু kh(খ), gh(ঘ), th(থ),... বিচাৰি পাবলৈ নাই৷
কিন্তু যিহেতু আমি অসমত বসবাস কৰি ভাৰতবৰ্ষৰ আৰ্যমূলীয় শব্দ ব্যৱহাৰ কৰিছোঁ৷ ফলত আমাৰ নামবোৰো কেৱল মিচিং ভাষাতে আৱদ্ধ নাথাকি আৰ্যমূলীয় সংস্কৃত, হিন্দী, বেঙ্গলী, অসমীয়া আদিলৈ প্ৰসাৰিত হ'ল৷ অৰ্থাৎ মানুহৰ নামৰ ক্ষেত্ৰত খগেন, ভূপেন, ঘন, ভীমকান্ত, ফণীধৰ, থানেশ্বৰ, মুহিৰাম, ধেনুৰাম আদিলৈ আগবাঢ়ি গ'ল৷ তেনেকৈ ঠাইৰ নামৰ ক্ষেত্ৰত ঢকুৱাখনা, ধেমাজি, ঘিলামৰা, ভীমপৰা, খেৰকটা, থেকেৰাগুৰি, ফিলবাৰী আদি হ'ল৷ পৰ্ব্বতৰাজ হিমালয়ৰ নামটো লিখিবই লাগিব; সেয়ে মিচিংসকলৰ মুখত সেইবিলাকত মহাপ্ৰাণ ধ্বনিৰ উচ্চাৰণ হওক বা নহওক, আমি লিখোঁতে সেইবিলাকত h(হ) ধ্বনি উচ্চাৰণ হোৱাকৈ লিখাটো যুগুত হ'ব৷ তাৰ অৰ্থ হ'ল, সেইবিলাকত h(হ) ব্যৱহাৰ কৰি এনেকৈ লিখিব লাগিবঃ
মানুহৰ নামৰ ক্ষেত্ৰত Khogen, Bhupen, Ghono, Bhimkanto, Phonidhor, Thanesor, Muhiram, Dhenuram ইত্যাদি৷
ঠাইৰ নামৰ ক্ষেত্ৰত Dhokuakhona, Dhémaji: বা Dhemaji:, Ghilamora, Bhimpora, Kherkota, Thekeraguri, Philobari:, Helem ইত্যাদি৷
তেনেকৈ পৰ্ব্বতৰাজ Hima:loy, ৰাজ্য আৰু ৰাজধানী Hariyana, Moharastro, Megha:loy, Haidorabad, Ahomedabad ইত্যাদি৷
এনেকৈয়ে Bromoja:n, Bromoputro, La:doigor আদিক কোনোবা ইচ্ছা কৰিলে Brohmoja:n, Brohmoputro, Lahdoigor আদি লিখিব পাৰে৷ অৱশ্যে এইক্ষেত্ৰত মিচিং উচ্চাণৰ কাষ চাপিবলৈ যত্ন কৰাই শ্ৰেয়ঃ৷ নহ'লে আমাৰ ভাষাৰ শব্দবোৰৰ বানান বৰ বেছিকৈ সিঁচৰতি হৈ পৰিব৷
H(হ) মিচিঙৰ মৌলিক ধ্বনি নহয় যদিও কিছুমান নামবাচক বিশেষ্যপদ(Proper noun) লিখাৰ ক্ষেত্ৰত এয়া ব্যৱহাৰৰ উপযোগী৷ অৱশ্যে এটা কথা ক'ব পাৰি, ভাষা-সংস্কৃতি জীৱন্ত আৰু গতিশীল বিষয়৷ সেইবোৰে বিভিন্ন পাৰি-পাৰ্শ্বিকতাত পৰিবেশ-পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে সময়ে সময়ে বিভিন্ন উপাদান গ্ৰহণ কৰিবও পাৰে, নতুবা বৰ্জন কৰিবও পাৰে৷ তেনেকৈ কিছুমান উপাদানৰ পৰিবৰ্দ্ধন আৰু পৰিবৰ্তনো হ'ব পাৰে৷ সেয়ে মিচিং ভাষাত h(হ)ৰ ব্যৱহাৰ সম্পৰ্কত এটা কথাৰ উল্লেখ নকৰিলে আমাৰ আলোচনা হয়তো অসম্পূৰ্ণ হ'ব৷ সেয়া হ'ল, মহাপ্ৰাণ বৰ্ণৰ অভাৱৰ কথা দোহাৰিও আমি এই কথা ক'ব পাৰোঁযে h(হ) ধ্বনিৰ ব্যৱহাৰ মিচিং ভাষাৰ কিছুমান শব্দত সততে প্ৰত্যক্ষ কৰা যায় যিবোৰ অপৰিহাৰ্য আৰু আমাৰ গৱেষণাৰ বিষয়৷
উদাহৰণ স্বৰূপে "ওঁহো, নহ'ব" আদি কওঁতে Íhí, Éhé এনেকুৱা কিছুমান উচ্চাৰণ সচৰাচৰ আৰু বাৰে বাৰে অনুভৱ কৰা যায়৷ যেনে, Íhí, ngo gíma:yé, অৰ্থাৎ ওঁহো, মই নাযাওঁ; অথবা, Éhé, ngo ima:yé, অৰ্থাৎ ওঁহো, মই নকৰোঁ ইত্যাদি৷ এই ক্ষেত্ৰত মিচিং ভাষাত h(হ) নাই বুলি Íí বা Éé কৰাৰ উপায় নাই৷ অৰ্থাৎ দুটা í(অৃ) বা é ৰ মাজত h(হ) এটা আহিবই লাগিব৷ অৰ্থাৎ íhí বা éhé হ'বই লাগিব৷
দ্বিতীয়তে, ঢোলৰ ছেওৰ শেষত Taksi bér bér héi বুলি কওঁতেও héi শব্দত h(হ) এটা আহি যায়৷ যেনে—
Rénnaké tekenang kai Tarína,
Rénnaké tekenang kai Tarína,
Laiyém líktag
A:mrom líktag
Dopa:ma:n kapiyén
Tíbag bagna.
Taksi bér bér héi,
Raktubdém bi. ইত্যাদি এনেকৈ বহুত৷
অৱশ্যে এই ক্ষেত্ৰত অলপ বেলেগ ধৰণে আৰু এটা পটন্তৰ উল্লেখযোগ্য৷ সেয়া হ'ল, একপ্ৰকাৰৰ আদহীয়া, বুঢ়া-বুঢী আদি নিৰক্ষৰসকলে বিয়া-সবাহ, সকাম-নিকাম আদিৰ শেষত স্ফূৰ্ত্তি-ধেমালিতে গোৱা অইকলিঃ আৰু তাৰ লগত জোৰা দিয়া ঢোলৰ চেও৷ তলত তেনেকুৱা জলন্ত আৰু চলন্ত উদাহৰণ এটা দেখুওৱা হ'লঃ
অইকলিঃ
দিল্লী চহৰমাং
জিবৗ গাৰিঃমাং
অইনক দুংকদৗম
দুক্কাঃল কাঃনাপৗ
দুক্কাঃল কাঃনাপৗ।
ঢোলৰ চেও
বৃৰ্, দৃচাঙলৈ তিনদিন যায়,
দিহিঙলৈ চাৰিদিন যায়
হৗই হৗই হৗইয়া হৗই। ইত্যাদি য'ত "হৗই হৗই হৗইয়া হৗই" কওঁতে h(হ) উচ্চাৰণৰ উপস্থিতি জলজল পটপটকৈ প্ৰকাশ পাইছে।
তৃতীয়তে, তাচ্ছিল্য বা অসন্তুষ্টি প্ৰকাশ কৰি উচ্চাৰণ কৰা শব্দ Hétৰ ক্ষেত্ৰতো h(হ) উচ্চাৰণৰ উপস্থিতি লক্ষ্য কৰা যায়। যেনে, Hét, édémpé ipa:dolang? অৰ্থাৎ হেট, তেনেকৈ কৰিব পায় জানো? Hét, nok agom lunamdém méto, অৰ্থাৎ হেট, তোমাৰ কথা কোৱাটো বাদ দিয়া৷ ইত্যাদি।
ক্ৰমশঃ…..
No comments:
Post a Comment