ভালপোৱাৰ বিষাদ
কাজৰী কাকতি
জাগুন তিনিমাইল
তোমাৰ ভালপোৱাৰ বিষাদৰ বৰষুণ জাকত
নিতৌ তিতো
তোমাক পাহৰিব নোৱাৰা যন্ত্ৰণাত
নিতৌ দহি দহি শুকাও
তথাপি
মদ বা শিখৰৰ ৰাগীত পৰা নাই
তোমাৰ প্ৰেমৰ ৰাগীৰ বাদে
চিগাৰেটৰ ধোঁৱাৰে চিলা নুৰুৱাও
গান শুনিম অকলে অকলে
সুৰে সুৰে উটি যাম যাযাবৰী হৈ
বহু দূৰ দূৰণিলৈ
সেউজীয়া হম তোমাৰ সোঁৱৰণিৰে
মই মোক পোহৰাই তুলিম
তোমাৰ ভালপোৱাৰ বিষাদৰ জোনাকেৰে৷


No comments:
Post a Comment