মানুহবোৰ সতৰ্ক হৈ থাকক
অনুভৱ প্ৰিয়ম মিৰি
ধাৰাসাৰ বৰষুণ
ফেনে-ফুটুকাৰে বাঢ়িছে নদীৰ জলস্তৰ
বুৰাই পেলাইছে দুয়োপাৰৰ চৰ-চাপৰি
কৃষকৰ পথাৰ-সমাৰ
চাংঘৰ ওপৰলৈ পানী
পশুধন উটি গৈছে বানত
আৰু সপোনৰ সুখৰ ঠিকনা
বতৰ বিজ্ঞানৰ আগলি-বতৰা
বতাহ বৰষুণৰ পৰিমাণ আৰু বৃদ্ধি হ'ব
পাহাৰ-ভৈয়ামত কেৱল বৰষুণ
বান্ধৰ ওপৰত তীব্ৰ গতিত বাগৰিছে পানী
স্খলন হৈছে পাহাৰৰ সেউজীয়া মাটি
কৃত্ৰিম বানত ডুবি থকা চহৰটো
উশাহ-নিশাহ ল'ব নোৱাৰি
অসহায় হৈ পৰিছে
মথাউৰি ভাঙিছে
অলপ আগলৈকে হাঁহি থকা গাঁওখনি
বানত হাহাকাৰ হৈ পৰিছে
কৰ্তৃপক্ষৰ নিৰ্দেশ---
মানুহবোৰ সতৰ্ক হৈ থাকক
বান্ধৰ পানী খুলি দিয়া হৈছে
নৈপৰীয়াই নিৰাপদ স্থানলৈ যাওক !


No comments:
Post a Comment