দেউতা
মধুমিতা শৰ্মা
পশ্চিম গাৰোপাহাৰ,মেঘালয়
নিজৰ সকলো অভিলাষ নেওচি
পৰিয়ালৰ সকলোকে সুখী কৰাৰ বাবে
গোটেই জীৱন কঠোৰ সংগ্ৰাম কৰা
পুৰুষজনেই দেউতা।
ভৰিত ক্ষয় যোৱা চেণ্ডেল যোৰ
গাত ফটা গেঞ্জীটো পিন্ধি
কেতিয়াও কষ্টক কষ্ট বুলি উপলব্ধি নকৰা
পুৰুষ জনেই দেউতা।
সন্তানৰ কিঞ্চিৎ কষ্টত
দুৰ্বল হৈ পৰা
সন্তানৰ অসুখত বিছনাৰ কাষত বহি
ওৰে ৰাতি জাগি থকা
পুৰুষ জনেই দেউতা।
কৰ্তব্য কৰি কৰি
জীৱনৰ সকলো আনন্দৰ পৰা
নিজকে বঞ্চিত ৰাখি
নিজৰ বাবে ভাবিবলৈ সময় নোপোৱা
পুৰুষ জনেই দেউতা।
কেৱল সন্ধানক মানুহ ৰূপে
গঢ় দিবলৈ
গোটেই জীৱন উপাৰ্জন কৰা
নিজৰ কষ্টবোৰ লুকুৱাই ৰাখি
গধূলি সন্তানৰ লগত হাঁহি মাতি
পঢ়াৰ টেবুলত খবৰ লোৱা
পুৰুষজনেই দেউতা।


No comments:
Post a Comment