বন্দে মাতৰম্ বনাম জয় শ্ৰী ৰাম
নৱজিৎ দেউৰী
এটা দলে ক'লে, জয় শ্ৰী ৰাম!
আনটো দলে চিঞৰি উঠিল, বন্দে মাতৰম্ !
বাকীখিনি অকথ্য কিম্বা একো নুশুনা।
দুইপক্ষৰ পৰা শিলা বৃষ্টি পৰাদি পৰে গুলি আৰু বোমা।
গুৰুত্বহীন কিছু লোক শৱ হৈ পৰি থাকে
বন্দে আৰু শ্ৰীৰামৰ যুদ্ধৰ পিছত।
গতানুগতিক ভাবে ৰাজনীতিয়ে শৰীৰৰ জড়তা ভাঙি এঙামুৰি দিয়ে,
শ্বহীদ আৰু সমাজবিৰোধী চিনাক্তকৰণত কিছু সময় যায়।
নাগৰিকৰ অভিধান মুচৰি ভাঙি,
দেশপ্রেম গুচি গৈছে ৰঙৰ দখললৈ
বন্দে মাতৰম্ আৰু জয় শ্ৰী ৰামৰ অৰ্থ হৈছে পৃথক।
নাম লোৱাটো অৱশ্যে অভ্যাসবশতঃ,
তাৰপিছত অনায়াসে মাৰা মাৰি চলে।
তথাপিতো সেই কবৰৰ মাটি,
সেই শ্মশানৰ মৃতকৰ গোন্ধ সনা ছাঁইয়ে
একেখন দেশৰ কথাকে কয়।
ফোনঃ ৯৩৬৫২০২৯৬২


No comments:
Post a Comment