কথাবোৰৰ তৰপ থাকে
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
কথাবোৰৰ তৰপ থাকে
প্ৰথম তৰপ আঁতৰিলে
আপুনি এতিয়াও ধৰিব পৰা নাই
প্ৰকৃত সত্য কি?
দ্বিতীয় তৰপ আঁতৰিলে
আপোনাৰ চকুৰ আগত
অগা- ডেৱা কৰিছে
সত্যৰ সূৰ্যই
ন যযৌ ন তস্থৌ
অৱস্থা আপোনাৰ
দোমোজা
তৃতীয় তৰপ আঁতৰিলে
আপোনাৰ ৰক্তচাপ বাঢ়িছে
উঠা- নমা কৰিছে
সত্যৰ পাৰাই
চতুৰ্থ তৰপ আঁতৰি আঁতৰিলে
আপুনি জানে ন্যায় অন্ধ
আপুনি
ধৃতৰাষ্ট্ৰ
থওঁক হে ধৰ্মশাস্ত্ৰৰ কথা
শুনিছোঁ
আপোনাৰ লাওখোলাটো
বন্ধক থৈ
বিলাসপুৰত ঘৰে- মাটিয়ে কিনিছে আপুনি
বিলাসী গাড়ী কেইখনে
শুৱনি কৰে আপোনাৰ চোতাল
ফুল
ফুলনি কৰি কি কৰিব কওঁক
আজি আছে
কালিলৈ নাই
স্থাৱৰ vs অস্থাৱৰ
পঞ্চম তৰপ আঁতৰিলে
জানেনে
পঞ্চভূতৰ যোগফল
আমাৰ জীৱন
বায়ু, পানী , জুই , মাটি আৰু আকাশ
বায়ু= উশাহত
পানী= শৰীৰত
জুই = কথাত / পেটত
পৃথিৱী= মোৰ দেশ(!)
আকাশ = আপোনাৰ (?)
কথাবোৰৰ তৰপ থাকে
আপুনি চেলাই/ বখলিয়াই/ ফেনেকি থাকক
আপোনাৰ পক্ষত .....
ফোনঃ 8822943064


No comments:
Post a Comment