কানি মুনি গধুলি
জ্যোৎস্না ৰানী বেগম
অনুপম ?
মনত পৰে নে তোমাৰ ?
ছাঁ দিয়া বেলিটোৱে যেতিয়া
পাইন গছৰ ফাকেৰে সৰকি গৈ
শুই দিয়ে পাহাৰৰ টিলাৰ সিপাৰে
তুমি -মই তেতিয়া ছিলঙৰ মেৰী লিংডোৰ
ৰেস্তোৰাঁত বহি কৰো প্ৰেমৰ আলাপ ।
কানি- মুনি গধূলি লগাৰ পৰত
অচিনাকী চৰাই জনীয়ে
মূৰৰ ওপৰেৰে উৰি
কৈ যায় তোমাৰ মোৰ -প্ৰেমৰ সাক্ষী হয় বুলি।
তেতিয়া------!
সৰগৰ পৰা যেন নামি আহে
তৰা ফুল বচা আকাশ খন
টিলা বোৰত ঘূৰি ফুৰে তৰা ফুল বোৰে।
ইউক্লিপটাছ গছৰ বগা দেহত দুয়ো আউজি লৈ
অলেখ সপোন ৰচো দুয়ো -দুয়োৰে,
বৃষ্টি ছায়াৰ এচাটি শীতল বতাহে
আমাক যে মেৰিয়াই ধৰি কৈছিল
বৰপেৰাত সময় বোৰ ভৰাই থʼবা
নহ'লে সময়ত সকলো হেৰাই যাব গৈ।
এৰা!
আজি বৰপেৰাৰ ঢাকনি খুলি
তোমাক বিচাৰি আছোঁ
তোমাক !


No comments:
Post a Comment