গ্ৰন্থ মেলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

গ্ৰন্থ মেলা



 গ্ৰন্থ মেলা

                    কৌশল্যা বায়ন

                        বনগাঁও, মাজুলী


তোমাক চাবলৈ মেলা লৈ আহিলো,

তোমাৰ আমন্ত্ৰণক কৰিব নোৱাৰি উপেক্ষা।

ৰামধেনু বুলিয়া সাজেৰে তোমাৰ সৰু বৰ চেহেৰা আছে তিৰ বিৰায়  

যে নিয়ে চাওঁ মোৰ চকু তেনিয়ে জিলমিলায়।

আস! কি অপূৰ্ব  তোমাৰ সমাহাৰ,

জনতাই আগ্ৰহেৰে কৰিব তোমাক  ব্যৱহাৰ।

টকাৰ খম়খমনিত কৈও

তোমাৰ আপুৰুগীয়া পোচাক যোৰৰ শব্দ কোনো গুনে নহয় কম,

কিন্তু তোমাৰ সোণ সেৰীয়া বচন আৰু মণি মুকুতা বোৰে

কাৰোবাৰ অন্তৰত পেলাব পাৰে সাঁচ,

যদিহে তোমাৰ গুনানু কীৰ্তন কৰিব পাৰে পাঠ।

যদিওঁ বৰ্তমান তোমাৰ আছে আদৰ,

নপঢ়ে পাঠকে তোমাক কৰি সমাদৰ।

সমাজত আভিজাত্য দেখুওৱা বলৈ মিছা ভেমেৰে কৰি  ক্ৰয়,

বায়ুৰুদ্ধ বৃহৎ আলমিৰাত  তোমাক সজায় থয়।

হৈ থাকা গোটেই জীৱন আবদ্ধময়, বুটলি লব

 নোখোজে সোণেৰে পৰিপূৰ্ণ 

বাখৰ হীৰাৰে খচিত তোমাৰ হৃদয়ৰ মৰম।




ঠিকনাঃ

ডাক - বনগাঁও মাজুলী।

গাওঁ- বনগাঁও মাজুলী

জিলা - মাজুলী, অসম

ফোন নং- ৮০১১৬৯৯২৭৯


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages