তিনিমুনি বাটৰ ব'হাগ
অংকুৰিতা ফুকন
তিনিমুনি বাটৰ ব'হাগ
বান্ধি থৈ আহিলে লৌকিকতা
এধানি সম্পদ ঢাকিবলৈ কাৰোবাৰ বুকুৰ কোমল লাজ…
তিনিমুনি বাটৰ ব'হাগ
গাত পিন্ধিলে আঁহতৰ গহীন কায়া
উৱলি মাটিত সৰিলে বছেৰেকৰ দীঘল বাট…
তিনিমুনি বাটৰ ব'হাগ
চিত জুৰাবলৈ একণ ছাঁয়া
মন জুৰাবলৈ এষাৰি কোমল মাত…
তিনিমুনি বাটৰ ব'হাগ
বতাহত চেওত কঁকাল ভাঁঙি নাচে
সেই ফালেদিয়েই পাৰ হৈ যায়
যাযাবৰ বৰষুণ কত' জাক…
তিনিমুনি বাটৰ ব'হাগ
সাক্ষী সকলো শোক সুখৰ
বিদায় নোলোৱাকৈ গুচি যোৱা সময়ৰ…
আঁহতে বুকুত পিন্ধি লোৱা ব'হাগ
ভৰদুপৰীয়া কালৈ অপেক্ষা
চকুৰ সীমনাত ভাঁহি আছে
ৰিণিকী ৰিণিকী এটি বাট…


No comments:
Post a Comment