মুনাফা সিহঁতৰ লক্ষ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

মুনাফা সিহঁতৰ লক্ষ্য

 


মুনাফা সিহঁতৰ লক্ষ্য

                               চিন্ময় ডেকা

                                       জলাহ টংলা, ওদালগুৰি



ইস্তাহাৰৰ

পৃষ্ঠাত লিখিলোঁ

হাজাৰ জনৰ দুখ-দুৰ্দশাৰ

বাস্তৱ সংঘৰ্ষৰ অলিখিত কাহিনী।

ৰাজনীতি, সমাজনীতি, অৰ্থনীতি

"মুনাফা আদায়ৰ সিহঁতৰ লক্ষ্য"

জীৱনৰ উৎপাদিকা শক্তি

অলেখ অযুত যুক্তি.......

গগণ চুম্বি অট্টালিকাৰ পৰা

শোষণ বলাৎকাৰৰ জীয়া প্ৰতিছবি।

অত্যাচাৰী দমন নীতিৰে,

শ্ৰমিক, কৃষক, বনুৱাৰ তেজেৰে

লুটিছে সিহঁতবোৰে,

স্বপ্ন ভৰা জনতাৰ

আকাশলংঘী ধৰিত্রী।

নতুন দিগন্তৰ কৃষ্টিৰে,

শত্ৰুৱে দিলে বৰ ঘৰত ভৰি

দেশ যায়, জাতি যায়; হেংদাং লোৱা আজি

অনা অসমীয়াই হৈছে সাঁৰথি

সাহিত্য শিল্পৰ এয়ে আমাৰ পৃথিৱী।




দূৰভাষঃ ৬০০২৬৬৬৫৯৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages