বৰষুণ ভালপোৱা ছোৱালীজনীক লৈ...
নন্দেশ্বৰ মিলি
বৰষুণ ভালপোৱা ছোৱালীজনীক
মই সদায় নঙলামুখত দেখোঁ
তাই ৰৈ থাকে
আৰু মোক দেখিলেই
এটি মিচিকিয়া হাঁহিৰে
তাই মোক সম্ভাষণ জনায়।
তাইৰ দুচকুৰ চাৱনিত
মই দেখো এটি গভীৰ প্ৰচ্ছায়া
য'ত মই বিচাৰি পাওঁ
চিৰদিনৰ বাবে এটি সেউজী আশা।
সোণাৰুবুলীয়া এটি সপোনে
মোৰ বুকুত বাহ বান্ধিছে
এটি সুৰীয়া বাঁহীৰ সুৰে
মোৰ চৌপাশে সুবাস বিলাইছে
তাইৰ সুগন্ধিত মোৰ মন-মগজুত
এটি অচিনাকি গোন্ধই পোকা মেলিছে।
তাইৰ চিনাকি মাত শুনি
দুৰু দুৰুকৈ মোৰ বুকুত গোজৰণি মাৰে
আলফুলীয়া হৃদয়ে সাঁচি থ'ব খোজে
সেই মধুৰ ক্ষণৰ স্মৃতি।
তাই ভাল পায় বৰষুণ
তিতি তিতি নাচি-বাগি
তাই আঁকিব বিচাৰে
জীৱনৰ ৰং।
ফোনঃ 8638881953


No comments:
Post a Comment