প্ৰজ্ঞাপাৰমিতা
ৰিপুঞ্জয় বৰুৱা ঋমন
উশাহৰ পথত উশাহ্ সলাঁওতে
উশাহক বিচাৰি ক্ষন্তেক আগতে
ৰঙা-চাঁহীয়ে খোৱা চুক্ভেকুলীটোৱে টোৰ্টোৰাইছিল ।
ম্যাদ থকা মৰগীয়া উশাহৰ খতিয়ান দিবলৈ !
তুমি দেখাৰ দৰেই মই বেছিকৈ হাঁহো
হাঁহিবৰ জোখাৰে ৰাতি ৰাতি হলাহল পান কৰোঁ ।
কেতিয়াবা বৰকৈ কান্দিবৰ মন যায়
কান্দিবৰ জোখাৰে চকুলো নোলায় !
এটা চকুৰে হাঁহো আনটোৰে কান্দো ।
মোৰ জাৰ্ফানুচ্ ছবি দেখি
ফেঁচাবোৰে বেৰি ধৰে ইলুটি-সিলুটিকৈ ।
প্ৰজ্ঞাপাৰমিতা !
উশাহকণ লেধাইশামুক হোৱাৰ আগতে,
এখন ইচ্ছাপত্ৰ লিখিছোঁ ।
কাহানিও লিখিব নোৱৰা অৰ্থবোৰ
কাহানিও পঢ়িব নোৱৰা শব্দবোৰ
কাহানিও ক'ব নোৱৰা শূন্যতাবোৰ তোমাকেই গতালোঁ ।
স্মৃতিৰ আঘোণত সোণালী হোৱাৰ অভিলাষ ইয়াতেই সামৰিছোঁ
আলিকেঁকুৰীত নোদোকা ধুমুহা,
পিতায়ে পাতিছে প্ৰমোদ চিতিকা ।
ঘুৰি নহাৰ অজুহাত লৈ চকু দুটা মুদি দিছোঁ
উত্তৰমুৱাকৈ ব্ৰক্ষ্মাণ্ডৰ সিটো পাৰলৈ ।


No comments:
Post a Comment