প্ৰজ্ঞাপাৰমিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

প্ৰজ্ঞাপাৰমিতা

 


প্ৰজ্ঞাপাৰমিতা

                          ৰিপুঞ্জয় বৰুৱা ঋমন


উশাহৰ পথত উশাহ্ সলাঁওতে

উশাহক বিচাৰি ক্ষন্তেক আগতে

ৰঙা-চাঁহীয়ে খোৱা চুক্‌ভেকুলীটোৱে টোৰ্‌টোৰাইছিল ।


ম্যাদ থকা মৰগীয়া উশাহৰ খতিয়ান দিবলৈ !


তুমি দেখাৰ দৰেই মই বেছিকৈ হাঁহো 

হাঁহিবৰ জোখাৰে ৰাতি ৰাতি হলাহল পান কৰোঁ ।

কেতিয়াবা বৰকৈ কান্দিবৰ মন যায় 

কান্দিবৰ জোখাৰে চকুলো নোলায় !


এটা চকুৰে হাঁহো আনটোৰে কান্দো ।


মোৰ জাৰ্‌ফানুচ্ ছবি দেখি 

ফেঁচাবোৰে বেৰি ধৰে ইলুটি-সিলুটিকৈ ।


প্ৰজ্ঞাপাৰমিতা ! 

উশাহকণ লেধাইশামুক হোৱাৰ আগতে,

এখন ইচ্ছাপত্ৰ লিখিছোঁ ।


কাহানিও লিখিব নোৱৰা অৰ্থবোৰ

কাহানিও পঢ়িব নোৱৰা শব্দবোৰ 

কাহানিও ক'ব নোৱৰা শূন্যতাবোৰ তোমাকেই গতালোঁ ।


স্মৃতিৰ আঘোণত সোণালী হোৱাৰ অভিলাষ ইয়াতেই সামৰিছোঁ


আলিকেঁকুৰীত নোদোকা ধুমুহা, 

পিতায়ে পাতিছে প্ৰমোদ চিতিকা ।


ঘুৰি নহাৰ অজুহাত লৈ চকু দুটা মুদি দিছোঁ 

উত্তৰমুৱাকৈ ব্ৰক্ষ্মাণ্ডৰ সিটো পাৰলৈ ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages