মই এতিয়া নিচাত মজি আছোঁ
স্বপ্নালী কলিতা
ৰাগীত মতলীয়া হ'ব পৰাকে এজাক বতাহ এতিয়াও অহা নাই,তথাপিও মই নিচাত মজি আছোঁ।
নিচাই মোৰ আপোন ঘৰখনৰ টিনপাতৰ ওপৰত এখন পতাকা উৰালে
পতাকা খন আন্ধাৰ ৰাতিৰ এটা প্ৰশ্নবোধক হৈ জিলিকি আছে।
কোনোবা পথৰুৱাই মাজনিশাৰ বিকট চিয়ঁৰটো মাৰিছে।
মই তাৰ পাছতো নিচাত মজি আছোঁ।
নিচাতে মই খেপিয়াইছোঁ মোৰ ওঁঠ,মোৰ আঙুলি,মোৰ ভ্ৰু-সংকুঁচিত কপাল
নিচাতে মই দৌৰি পথাৰৰ মাজ পাইছোঁ তিনিটা পেলিকান চৰাইয়ে মনৰ জোখাৰে জীৱন বিচাৰি ফুৰা চাইছোঁ।
নিচাতে মই হাঁহিছোঁ,
নিচাতে মই কান্দিছোঁ
নিচাতে মই গান গাইছোঁ।
আৰু নিচাতে মই এডাল স্কেচেৰে
কপালৰ মাজ ভাগত এটা বৃত্ত আঁকিছো।
কিন্তু
ৰাগীত
মতলীয়া হ'ব পৰাকে এজাক বতাহ এতিয়াও অহা নাই।


No comments:
Post a Comment