বানপানী
টম মেদক
(১)
গুবৰুৱাই ফুটা কৰি
পৃথিৱী
তল-ওপৰ ভগাই আছে
এহাল মাছে আকাশ খুঁটি আছে।
(২)
মই ডুবা বেলি!
মই ডুবা বেলি নেকি?
এই যে
জপংকৈ বুৰ মাৰোঁ
আস্, বৰলুইতৰ বুকুতে
অনেক গাঁও
পানীত ককবকাই আছে
অলেখ গাঁও
নামঘৰ ঢাকিছে
মেটেকাৰ ফুলে
নামঘৰৰ মণিকূটত
বগাই ফুৰিছে শামুক
মই ডুবা বুলি !
মই ডুবা বেলি নেকি?
নাই, মই ডুবা বেলি।
No comments:
Post a Comment