নদী আৰু নদীয়ালৰ সাধু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

নদী আৰু নদীয়ালৰ সাধু

 


নদী আৰু নদীয়ালৰ সাধু

নাজলীনা আলম


(১)

নদীখনে বুজি উঠে সকলো


(২)

নদীখনক বুজিব পৰাকৈ

দৰ্শনৰ অভাৱ নদীয়ালৰ


(৩)

শান্ত সমাহিত জলধাৰাৰে

বৈ থকা প্ৰাচীন নদীখনক

এবাৰো আবেগেৰে চুই চোৱা নাই নদীয়ালে


সংবেদশূণ্য হাতেৰে

মাথোঁ ৰক্তাক্ত কৰে 

নদীৰ বুকু


(৪)

তাকে লৈ নদীপৰীয়াৰ

জমি উঠে দিন অথবা

ৰাতিৰ ৰসাল আদ্দা


(৫)

কাৰ জীৱনৰ

শতিকা পুৰণি গড়া খহে

নামি আহে পুৰাতন ৰাগীৰ 

নিৰুদ্দেগ ঢল


(৬)

ঢলত জীৱন টলবল


(৭)

কাঠফুলাৰ দৰেই

বাঢ়ি আহে কথাবোৰ

ঘাটে ঘাটে

আদ্দাবোৰ

জমি উঠে


(৮)

কেতিয়াবা

মৰাসূঁতিত বাজী থাকে

গতি হেৰুৱা নদীৰ

অচিন বিননি এটা....(!)


(৯)

নদী প্ৰলয়ংকৰী বুলি

এতিয়া তোমালোকে নক'বা

নক'বা উন্মাদ বুলি


(১০)

নদী সদায় উপেক্ষিতা 

পূৰ্ণ নদীয়াল


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages