শাওণৰ পথাৰ
চিন্ময় ডেকা
জলাহ টংলা ওদালগুৰি
একাজলী ৰ'দৰ ফিৰিঙতি
জুই শিখাৰ দৰে,
লাহি-পাহি দেহাটি
কপালৰ ঘাম মাটিত পেলাই
তৃষ্ণাতুৰ জীৱনত.......
পথাৰত কৃষক-ৰোৱণী
হয় উভয়নদী।
হিয়া-ভঙা সপোনৰ
এগছি-দুগছি
ন-ভুঁই'ৰে ৰোপণ কৰি,
এসময়ত সেউজীয়া হৈ আবৃত আমাৰ পথাৰ খনি।
"শাওণৰ পথাৰ"
বাৰিষাৰ কালৰ সময়ছোৱা
নদ-নদী, চৌদিশে পানী আৰু পানী।
উপচি পৰে, আশাৰ এগছি বন্তি
উদ্দীপ্ত কৃষক বনুৱাৰ হাঁহি-হেলাৰঙী।
সপোনৰ ব্যাকুলতাত
আহু-শালি আৰু বাওঁ ধান
ভঁৰালত পৰিব'হি উপচি
সোণগুটি ধাননি..........
জীয়াই থকা প্ৰাণ,
যদিওঁৱা, নিজাকৈ উৎপাদন কৰা অন্ন দুমুঠি.......
আছে খেতিয়কে তাকে ভাবি গুনি-গাঁথি জীৱনত সমূলি।
দূৰভাষ:- ৬০০২৬৬৬৫৯৩
No comments:
Post a Comment