দহন
ভূমিকা
গুৱাহাটী
সময়ৰ লগত নিবিড় আলাপন কৰিও তলকিব নোৱাৰি
সময়ৰ ঢল বাগৰে কেনিনো ?
ভাল সময়
বেয়া সময়
সময়ো যে কিমান দূৰূহ
মিঠা কথাৰ সুৰীয়া টানে
কিমান গভীৰত গৈ শিপালে
এছাৰেকনিৰে বৰষুণৰ টোপাল ছিটিকি পৰি
তন্দ্ৰা ভাগিলে
তেতিয়াই আহিল এটি হুমুনিয়াহ!
নীৰৱতাৰ প্ৰতিধ্বনি শুনি ৰৈ যাওঁ
মৌ বৰষা কথাৰ মাজত থকা কূটিলতাই দহি
চুৰ্ণ বিচুৰ্ণ কৰিলে হিয়া..
No comments:
Post a Comment