জীৱন এক নিমিলা অংক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

জীৱন এক নিমিলা অংক

 


জীৱন এক নিমিলা অংক

ঝৰ্নালী শৰ্মা বৰকটকী


উন্মনা যৌৱন দুৰ্বাৰ আশা

অলেখ সপোন অলেখ অভিলাষা

সময়ৰ কোবাল সোঁতত

থমকি ৰয় জীৱন ৰথ

পাৰ ভাঙি বৈ আহে

শাওণৰ  ঢল।

আধৰুৱা সপোনবোৰে

হাহাকাৰ কৰি উঠে

সমাধান বিচাৰি

জীৱন  হৈ পৰে

সমিধানবিহীন অংক

শূণ্যৰে পাতনি যি

আৰু শূণ্যতে শেষ

সুখ, দুখ, হাঁহি আৰু কান্দোন

পৰিধি বিহীন বৃত্ত

অলপ হীন দেঢ়িতেই

ৰূপ লয় জটিল্ সমীকৰণলৈ।

জীৱন চক্ৰৱৎ

আগবাঢ়ে বিৰামহীন গতিত

ধৈৰ্য্য আৰু সাহসেই হয়

কঠিন যাত্ৰাৰ পথযাত্ৰী।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages