কবিতা
ভাস্কৰ জে নাথ
(কবি দিলীপ ফুকন ছাৰৰ হাতত)
চৰাইৰ গান এটাই মোক টানে
ওপঙা পৃথিৱীত
হঠাৎ শীতৰ এজাক বৰষুণ
চৰাইটোৱে এটা গীত জুৰিছে
মই পিন্ধিব বিচাৰিছোঁ
মোৰ ছবছৰ বয়সৰ চোলাটো
চোলাটো পুৰণি যদিও
মই পাহৰা উচিত নহয় যে
হেমন্তৰ বাত এখিলাও পাত নাথাকে
গানটোৱে মোক জগাই দিলে
ৰাতিপুৱা এতিয়া বগৰীফুল সৰিছে
ছবছৰীয়া চোলাটো পিন্ধি
বগৰীফুল বুটলিম
দূৰৈৰ পৰা ভাতৰ ধোঁৱাৰ
গোন্ধ এটা লাগিছেহি
বগৰীফুলৰ হাতবোৰে মোক মাতিছে
ছবছৰীয়া চোলাটো মই কিয় খুলিম
বিশ্বাস কিয় নকৰিম
এটা পৰুৱাৰ আয়ুসেৰেও হ'ব পাৰে
মাটিৰ চকু কৰুণ ॥
No comments:
Post a Comment