পৰিৱেশ দায়বদ্ধতা
ৰয়েল পেগু
অসমক পৰিবেশ ৰাজ্য বোলা হয়৷ বিভিন্ন নদ-নদী, সেউজীয়া অৰণ্য, আদ্ৰভূমি, পাহাৰ-ভৈয়াম আদি মনোমোহা বৈচিত্ৰ্যময় প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদেৰে সমৃদ্ধ-চহকী বাবেই অসমক পৰিৱেশ ৰাজ্য বোলা হয়৷ কিন্তু অসমখন শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰিছে৷ চলাইছে প্ৰকৃতিয়ে ধ্বংস লীলা৷ থোৰতে ক’বলৈ গ’লে অসমবাসীয়ে অবাধ পৰিৱেশ আৰু অৰণ্য ধ্বংসৰ কু-পৰিণাম ভুগিবলগা হৈছে৷ চৰকাৰৰ পৰিৱেশ সুৰক্ষা, প্ৰদূষণমুক্ত, বহনক্ষম উন্নয়ন আদি শ্ল’গানতে সীমাবদ্ধ হৈ আছে৷ অসমত বছৰি বৃদ্ধি পাইছে বান-খহনীয়াৰ ভয়াবহতা৷ বৃদ্ধি পাইছে ভূমি¦খলন৷ অসমৰ বিভিন্ন নদ-নদীবোৰে বহনক্ষমতা হেৰুৱাই পেলাইছে৷ অবাধে অৰণ্য ধ্বংস, জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ কাৰ্যকলাপ বৃদ্ধি পোৱা, নদীৰ বক্ষ খনন কৰি অবাধে শিল-বালি সংগ্ৰহ কৰাৰ ফলত নদীসমূহৰ স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ পৰিছে৷ নদীয়ে হেৰুৱাই পেলাইছে নিজৰ বহনক্ষমতা৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নদী, উপ-নদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হৈ উঠিছে৷ অসমখন এখন চৰিয়াৰ দৰে৷ চাৰিওফালে পৰ্বত-পাহাৰে আবৰি আছে৷ অৰণ্য ধ্বংস, খনন আৰু নদীৰ বক্ষৰ পৰা নিৰ্বিচাৰে অবাধে শিল সংগ্ৰহৰ ফলত কলহৰ কাণে ঢলাদি নামি অহা বানপানীৰ ধলে বিভীষিকা নমাই আনিছে৷ শেহতীয়াকৈ ডিমা হাচাও জিলাৰ হাফলং আদিত হোৱা বান বিভীষিকাৰ প্ৰলয় তাৰেই উদাহৰণ৷
অসমত অৰণ্য ভূমি দ্ৰুত গতিত টুটি আহিছে৷ পাহাৰবোৰ লাওলোৱো হৈ পৰিছে৷ উত্তৰ-পূবাঞ্চলৰ পাহাৰৰ মাটি ঠুনুকা৷ কিন্তু পাহাৰত চলি আছে অবিৰাম গতিত অৰণ্য ধ্বংস৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে খেতিবাতিৰ বাবে ন ন অৰণ্য মুকলি হৈ আছে৷ বাট-পথ নিৰ্মাণ তথা বিভিন্ন উন্নয়নৰ নামত পাহাৰ কাটি বন ধ্বংসযজ্ঞ বৃদ্ধি পাইছে৷ যাৰ ফলত ঠুনুকা পাহাৰৰ মাটি বাৰিষাৰ দিনত বৰষুণৰ পানীয়ে কোমল কৰি পেলোৱাৰ পিছত য’তে ত’তে দেখা দিছে ভয়াবহ ভূমি¦খলন৷ গছে মাটিৰ কঠিনতা ধৰি ৰাখে৷ কিন্তু অবাধে গছ-গছনি কাটি বন ধ্বংসযজ্ঞৰ ফলত গছবিহীন পাহাৰত ভূমি¦খলন, গছবিহীন নদীৰ পাৰত গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে৷ এইবোৰে অসমৰ ৰাইজে দেখি আহিছে৷ কিন্তু ইয়াৰ ভৱিষ্যতৰ ভয়াবহ পৰিণাম অনুধাৱন কৰিব পৰা নাই৷ অৰণ্য-নদীৰ স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা বাবে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই৷
মানৱসৃষ্ট প্ৰদূষণে বিভিন্ন নদীক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ জলাশয় পুতি ন ন বৃহৎ অট্টালিকা গঢ়ি উঠিছে৷ স্মাৰ্ট চিটি মহানগৰ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা প্ৰতি বছৰে বৃদ্ধি পাইছে৷ আভিজাত্য মহানগৰীবাসী ৰাইজে কৃত্ৰিম বানত বাৰুকৈছে ভুক্তভুগী, জুৰুলা৷ ইয়াৰ বাবে মানৱসৃষ্ট প্ৰদূষণ, বহনক্ষম উন্নয়নৰ প্ৰতি ভেঙুচালি, চৰকাৰৰ আওকোণীয়া মনোভাব, ব্যৰ্থতা আদিয়েই প্ৰধান কাৰক৷ প্ৰকৃতি-পৰিৱেশে যিমানখিনিলৈ বহন কৰিব পৰা সিমানখিনিলৈহে উন্নয়ন হোৱা উচিত৷ কিন্তু প্ৰকৃতিৰ বহনক্ষমতাক চেৰাই গৈ উন্নয়ন, সভ্যতাৰ নামত উদ্যোগীকৰণ, নগৰিকৰণৰ নামত অবাধে নিৰ্মাণ কাৰ্য চলি আহিছে৷ যাৰ পৰিণতিত তথাকথিত আধুনিক-সভ্য মানুহে প্ৰকৃতিৰ ৰোষত পৰাটো অৱশ্যম্ভাৱী৷
পৰিৱেশ সংৰক্ষণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃতিৰ ৰোষৰ পৰা মানৱ সভ্যতাক বচাব লাগিব৷ পৰিৱেশৰ অৱক্ষয় ৰোধ কৰি পৰিস্থিতিতন্ত্ৰক জীৱশ্ৰেষ্ঠ মানুহে পুনৰুদ্ধাৰ কৰি লাগিব৷ কিয়নো পৰিৱেশক সুষম অৱস্থাত ৰাখিবলৈ মানুহৰে সক্ষমতা আছে৷ প্ৰদূষণমুক্ত অসম, বহনক্ষম উন্নয়নৰ বাস্তৱ ৰূপ দিব লাগিব৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নদী, উপ-নদীৰ স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা দিব লাগিব৷ অন্যথাই অনাগত দিনবাৰেত অসম মুলুকত প্ৰকৃতিৰ ধ্বংসযজ্ঞ বৃদ্ধি পাব, প্ৰকৃতিৰ ৰোষৰ সন্মুখীন হ’ব লাগিব মানৱ সমাজ৷
মানুহক ভগৱানৰ শ্ৰেষ্ঠ দান– ‘প্ৰকৃতি’৷ মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী সম্প্ৰদায় সমস্তক সহজ ভাষাত পৰিৱেশ বুলি কোৱা হয়৷ কিন্তু মানৱসৃষ্ট বিভিন্ন কাৰকৰ ফলত পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয় হৈছে৷ অবাধে গছ-গছনি কাটি অৰণ্য ধ্বংসৰ ফলত টুটি আহিছে সেউজ অৰণ্যভূমি৷ বিভিন্ন নদ-নদীৰ বক্ষত অবাধে খনন আৰু শিল-বালি সংগ্ৰহৰ ফলত বিনষ্ট হৈছে নদীৰ স্বাভাৱিক গতি৷ গেদ জমা হৈ নদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হৈ উঠিছে৷ ফলত বিভিন্ন নদীৰ বান-খহনীয়াৰ ভয়াবহতা বৃদ্ধি পাইছে৷ ইপিনে প্লাষ্টিক প্ৰদূষণ, অবাধ উদ্যোগীকৰণ, নগৰিকৰণ, কৃষিখণ্ডত অবাধে কিটনাশক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ, বৰ্ধিত হাৰত কাৰ্বন নিৰ্গমন ফলত মাটি, পানী আৰু বায়ুৰ প্ৰদূষিত হৈছে৷ যাৰ ফলত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস পাইছে৷ নৈ-বিল, জলাশয় পানী প্ৰদূষণৰ ফলত বিভিন্ন জীৱ-অনুজীৱৰ মৃত্যু ঘটিছে৷ বায়ু প্ৰদূষণৰ ফলত মহানগৰীয় জীৱনৰ শ্বাসৰুদ্ধ পৰিৱেশৰ সৃষ্টি হৈছে৷ এনেদৰে অবাধে গছ-গছনি কাটি, অৰণ্য ধ্বংসযজ্ঞ আৰু বিভিন্ন প্ৰদূষণৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হৈছে৷ যাৰ ফলত বৰ্ধিত গোলকীয় উষ্ণতাই মানৱ সমাজক চিন্তিত কৰি তুলিছে৷ বৃদ্ধি পাইছে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ৷ সৰ্বোপৰি মানৱসৃষ্ট প্ৰদূষণত পৃথিৱীৰ ধ্বংসমুখী যাত্ৰা দ্ৰুততৰ হৈছে৷ তদুপৰি অবাধে গছ-গছনি কাটি অৰণ্য ধ্বংসৰ ফলত এদিন মানুহে বজাৰৰ পৰা পানীৰ বটল কিনাৰ দৰে অক্সিজেনৰ চিলিণ্ডাৰ ক্ৰয় কৰি জীয়াই থাকিব লাগিব৷
এই ব্ৰহ্মাণ্ডত কেৱল এখনেই পৃথিৱী আছে৷ পৃথিৱীত সাতশ কোটিৰো অধিক জনসংখ্যা আছে৷ একমাত্ৰ পৃথিৱীতে জীৱৰ প্ৰাণ বৰ্তি আৰু বিকাশ সম্ভৱ৷ মানুহ নাথাকিলেও এই পৃথিৱীখন বৰ্তি থাকিব৷ কিন্তু পৃথিৱীখন নাথাকিলে মানুহ আৰু জীৱৰ অস্থিত্ব অসম্ভৱ৷ জীৱৰ বৰ্তি থাকিবলৈ একমাত্ৰ পৃথিৱীক সুষম অৱস্থাত ৰাখি জীৱৰ বাসোপযোগেী কৰি ৰাখিব লাগিব৷
কিন্তু জীৱশ্ৰেষ্ঠ মানুহ আজিও পৰিৱেশ দায়বদ্ধতা সন্দৰ্ভত সচেতন নহয়৷ মানুহে জীয়াই থাকিবলৈ প্ৰাণবায়ু [অক্সিজেন]ৰ পৰা আৰম্ভ কৰি খাদ্য-বস্ত্ৰ-আবাসগৃহৰ পৰা আৰম্ভ কৰি মানুহৰ জীয়াই থকা আৰু জীৱন ধাৰণৰ সকলো প্ৰয়োজনখিনি প্ৰকৃতিৰ পৰাই আহৰণ কৰি আহিছে৷ প্ৰকৃতিয়ে অকৃপান হাতেৰে মানুহক জীয়াই থকাৰ সমস্ত সমল-উপাদানৰ দান কৰিছে৷ সেয়ে মাতৃস্বৰূপ প্ৰকৃতিৰ প্ৰতি মানুহৰ দায়বদ্ধতা অপৰিসীম, সীমাহীন৷ কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহে প্ৰতিদানত প্ৰকৃতিক দিছো কি? অনবৰত প্ৰকৃতি ধ্বংসত লিপ্ত হৈছে জীৱশ্ৰেষ্ঠ মানুহ৷ প্ৰকৃতিৰ বুকুলৈ নিক্ষেপ কৰিছে আবৰ্জনা, প্লাষ্টিকৰ দ’ম৷ প্ৰকৃতি মাতৃৰ ওপৰত এনে অত্যাচাৰ বিপৰীতে মানুহে মানসিকতা সলনি কৰিব লাগিব৷ মুঠে পৰিৱেশ দায়বদ্ধতা অবিহনে বৰ্তমান এই পৃথিৱী আৰু মানৱ সভ্যতাৰ ভৱিষ্যত অনিশ্চিত৷
বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ জয়যাত্ৰাত বলিয়ান মানৱ সভ্যতা৷ বিজ্ঞানক পৰিৱেশ অনুকূলে দিশত অধিকভাৱে ব্যৱহাৰ কৰিব লাগিব৷ প্ৰকৃতিৰো আছে বহনৰ এটা সীমাৰেখা৷ মানুহৰ ভোগ-বিলাস, তথাকথিত উন্নয়নৰ নামত অবাধে প্ৰকৃতিৰ ধ্বংসযজ্ঞই পৃথিৱীৰ ভৱিষ্যত বিপন্ন কৰিছে৷ প্ৰকৃতিৰ ওপৰত যি ঠাইত সীমা চেৰাই গৈ মানুহৰ ধ্বংসযজ্ঞ চলোৱা হৈছে, পৰৱৰ্তী কালত বান-খহনীয়া, নানান প্ৰকৃতিক দুৰ্যোগৰ কৱলত পৰি সেই ঠাইৰ পৰা মানুহে নিজেই আঁতৰি আহিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বৰ্তমান প্ৰলয়ংকৰী বান-গৰাখহনীয়া, ভূমি¦খলন, উষ্ণতা বৃদ্ধি আদি প্ৰকৃতি ধ্বংসৰে পৰিণাম৷ পৃথিৱীৰ সমস্ত জীৱ আৰু উদ্ভিদকুল জীয়াই থকাৰ বৰ্তি থকাৰ সম-অধিকাৰ আছে৷ ইয়াৰ এটাও জীৱ বা উদ্ভিদকুলৰ বিলুপ্তিয়ে পৃথিৱীকে বিকলাংগ কৰি তুলিব৷ পৃথিৱীৰ বিকলাংগ মানে মানৱ সভ্যতাৰো অশনি সংকেত আজি আধুনিক সভ্যতাৰ জীৱশ্ৰেষ্ঠ মানুহে কংক্ৰিতৰ অৰণ্যত অভ্যস্ত৷ কিন্তু নিৰ্মল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ অবিহনে পৃথিৱীৰ আয়ুস টুটি আহিব৷ মানৱ সভ্যতাৰ বিপদাপন্ন হ’ব৷ জীৱৰ বৰ্তি থাকিবলৈ ‘কেৱল এখন পৃথিৱী’ আছে৷ এতিয়া সময়ৰ আহ্বান প্ৰকৃতিৰ সৈতে একাত্ম হৈ সহাৱস্থান কৰি পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয় পুনৰুদ্ধাৰ কৰি বহনক্ষম, স্বচ্ছ আৰু সেউজ জীৱনশৈলীৰে ভৱিষ্যৎ প্ৰজন্মৰ বাবে পাৰিপাশ্বিৰ্কৰ সুষমতা ৰক্ষা কৰি ভৱিষ্যতৰ পৃথিৱীখন সুন্দৰ আৰু সেউজীয়া কৰাৰ দায়িত্ব জীৱশ্ৰেষ্ঠ মানুহৰ৷
ৰয়েল পেগু
ম’বাইল ঃ ৯৯৫৪৬৩৮৯৬৭


No comments:
Post a Comment