বৰষুণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

বৰষুণ

 


বৰষুণ

ত্ৰিৰঞ্জন টাইড


মোৰ বুকুত

অস্থিৰ দুপৰীয়াৰ জুপুৰি বন

ৰ'দপ্লাৱিত জুপুৰি বন

এই হালি পৰো পৰো ,


বৰষুণ তুমি আহা আহা যিমান পাৰি আহা

মোৰ বুকুৰ উদ্বিগ্নতাৰ ওজন কমাই আহ ,


প্ৰসৱ কৰাই দিয়াহি 

মোৰ বুকুত গজো গজোকৈ গজিব নোৱাৰা নগজা বালিৰ অৰণ্য ।


মই জানো

তুমিয়েই হয় , মোৰ এলান্ধুকলীয়া অৰণ্য শৰীৰৰ বিস্ময় বীৰ্য্য

মই জানো

তুমিয়েই হয়, মোৰ বুকুত হেন্দোলি থকা শইচঘন শৰীৰৰ সেউজীয়া বীৰ্য্য

তুমিয়েই হয় মোৰ বুকুত উদগ্ৰীব হৈ থকা মাটি আৰু মানুহৰ অক্ষয় স্পৰ্শ ।


বৰষুণ তুমি আহা--

তোমাৰ কাষত বহি থাকিলে

মোৰ বুকুত উদ্বুদ্ব হৈ উঠে প্ৰেমৰ সাগৰ ,

তোমাৰ বুকুত ভিজি থাকিলে

মোৰ বুকুত উদ্ববাউল হৈ উঠে  প্ৰেমৰ নদী ।


বৰষুণ তুমি আহা


তুমি নাহিলে মোৰ বুকুৰ চুবুৰিত ভাৱনাৰ শইচঘন নিশাবোৰ চিঁ‌ৰাল ফাট মেলে

তুমি নাহিলে

মোৰ বাসনাৰ চুবুৰিত ফচলযুক্ত নৈবোৰ মান অভিমানত শুকাই ক্ষীণাই পৰে

তুমি নাহিলে

মোৰ ভাৱনাৰ চুবুৰিত  ভালপোৱাৰ নাওবোৰ বালিত মুখ গুজে


বৰষুণ তুমি আহা আহা জাকে জাকে আহা সঘনাই  আহা

তুমি নাহিলে মোৰ ভাৱনাৰ চুবুৰিত ভালপোৱা নাওবোৰ বালিত মুখ গুজে ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages