বিশ্বাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

বিশ্বাস

 


বিশ্বাস 

পূৰৱী ফুকন 

গোলাঘাট



তেওঁ মোক বিশ্বাস নকৰে 

মইও তেওঁক বিশ্বাস নকৰো


বিশ্বাস বৰ ডাঙৰ শব্দ 

এবাৰ হেৰালে দ্বিতীয়বাৰ ঘূৰাই নাপাই 

সেয়ে বিশ্বাস নকৰাই ভাল 


মনালিছা মোৰ কাষত বহি আছিল 

হাঁহিটো বেৰত ওলমি আছিল 

তাই চুৰকৈ মোলৈ চাইছিল 

মই  বেৰখন কপি থকা দেখিছিলো


অমাৱস্যাৰ ৰাতি জয়াল সময়খিনি মোৰ চকুত ওলমি ৰৈছিল 


শালিকী এটাৰ মাতত মই চকু খুলিলো 

সুৰ্য্যমুখী ফুলবোৰে হাহিঁ আছিল 

মোৰ বিশ্বাস হৈছিল  যে 

শালিকীৰ মাতটো সচাঁ 

সূৰ্য্যমুখী ফুলবোৰ সচাঁ। 


অৱশেষত, 

মোৰ বিশ্বাস হৈছিল যে 

তেওঁ মোক বিশ্বাস নকৰে 

মইও তেওঁক বিশ্বাস নকৰো আৰু


বিশ্বাসৰো নিজস্ব বৈশিষ্ট্য আছে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages