মাতহীন নগৰৰ কথা
শৰৎ হাজৰিকা
১) মাত কাটি মাত নিদিবা
মাতটো কাহিনিবাই মৰি থাকিল
যিদিনাই ঘৰ এৰি
মাটি মাতৰ নাৰীজনী নোহোৱা হ’ল
তেতিয়াৰ পৰাই মৰি আছোঁ মই
মাতহীন এখন নগৰত।
২) মাতহীন নগৰীৰ য’ত আছোহি
নাৰীবোৰক ইয়াত পদানত কৰা হৈছে
ইচ্ছা-অনিচ্ছাৰ পানী -যুঁৱলিত
পুতি দিয়া হৈছেস্বেচ্ছাচাৰীৰ জোং
আৰু ৰ’দ আকুতিৰ দৈৱকীৰ চকুত ঢালি দিয়া হৈছে এচিদ
সেয়ে নাৰীবোৰ ইয়াত চকুলোৰ একো একোজোপা প্ৰাচীন গছ
মাতহীন নগৰীৰ আন্ধাৰ- সাম্ৰাজ্যত ভোগৰ ফল
আৰু মাত কাটি মাতৰ ৰংবোৰ
বিচ্ছিন্ন কৰা হৈছে ইয়াত।
ঠিকনাঃ
ম’হ মাইকী গাওঁ
ডাক - বোকাখাত
জিলা-গোলাঘাট
পিনঃ785612
ফোনঃ 9101025664
No comments:
Post a Comment