ভালপোৱা সঠিক ঠিকনা বিচাৰি
লহৰজ্যোতি মৰাণ
কাকপথাৰ, উৱন
বাস্তৱতাৰ পৃথিবীত বিচাৰি ফুৰো
ভালপোৱাৰ প্ৰতি ছবিৰ সঠিক ঠিকনা;
এইয়া চাগে ভৰ যৌৱনৰ সময়
এইয়া চাগে গভীৰ প্ৰেমে আমনি কৰাৰ সময়;
নাজানো ভালপোৱা মানে কি?
নুবুজো ভালপোৱা মানে কি?
তথাপিওঁ তোমাক চিঞৰি চিঞৰি ক'ব মন গৈছে;
মোৰ ভালপোৱাৰ সঠিক ঠিকনা!
সমান্তৰাল ভাৱে ভয়ো লাগিছে
জানোচা,
মই দিয়া সেই ভালপোৱা প্ৰস্তাৱ গ্ৰহণ নকৰিবা;
মই দিয়া ভালপোৱাৰ সঠিক ঠিকনা হয়তো তুমি বুজিও নুবুজিবা ভাও ধৰিবা;
মনৰ মাজৰ গভীৰ ভালপোৱা হিয়া উজাৰি দিওঁ;
সপোনৰ ৰং বোৰৰ মাজত বিচাৰি ফুৰো ভালপোৱাৰ প্ৰতি ছবি;
তথাপিওঁ নোপোৱাৰ বেদনা
এইয়াই চাগে ভালপোৱাৰ সংঞ্জা!
No comments:
Post a Comment