কংক্ৰিটৰ জগত
মাধৱ পেগু
ধেমাজি
আকাশত উৰিব খোজোঁ চৰাই হৈ,
ফুৰিব খোজোঁ ন-ন ঠাইত পৰিভ্ৰমী হৈ,
পিছে চৰাইৰ পাখিযোৰ মোক সাঁজি দিব কোনে?
দ্বাৰকাপুৰীত ফুলিব খোজোঁ পাৰিজাত হৈ
শুঁৱাব খোজোঁ অভিমানী সত্যভামাৰ উঁকা খোপাটি সুন্দৰ পুষ্পাভূষন হৈ
পিছে পাৰিজাত হৈ সৌন্দৰ্য্য বিলাবলৈ মোক অনুমতি দিব কোনে?
হৃদয়ৰ অদৃশ্য কোণত সংগোপনে থকা অকৃত্ৰিম প্ৰেমবোৰ বিলাব খোজোঁ প্ৰেমৰ পূজাৰী হৈ,
পিছে এই কংক্ৰিটৰ জগতখনিত মোৰ প্ৰকৃত প্ৰেমৰ মূল্য উপলব্ধি কৰিব কোনে?
ফোনঃ ৮৭৫৩৯৩৫১৩৭


No comments:
Post a Comment