ৰ'দৰ উন্মেষণত তুমি ৰ'দৰ আচ্ছাদনত তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

ৰ'দৰ উন্মেষণত তুমি ৰ'দৰ আচ্ছাদনত তুমি

 


ৰ'দৰ উন্মেষণত তুমি

ৰ'দৰ আচ্ছাদনত তুমি

চন্দ্ৰপ্ৰভা বৰ্মণ

গুৱাহাটী 


পৃথিৱীৰ স'তে ৰ'দৰ ভাল পোৱা আছে বাবেই

সমগ্ৰ ধৰাৰ বুকুত বিয়পাই থাকে ৰ'দৰ উচ্ছৱ 

আৱৰি ৰাখে সূৰ্যমুখী ৰ'দৰ জিকমিক সোনোৱালী কিৰণেৰে প্ৰেয়সী বসুন্ধৰা 

তামস আকাশখনত ফেঁহুজালি নথকাহেঁতেন

অনুৰাগৰ নিবিড়তাত নুশুনিলোহেঁতেন

দূৰণিৰ দঁহিকতৰাৰ মধুৰগুঞ্জন !

সোনোৱালী ৰ'দজাক নাথকাহেঁতেন

সেউজীয়াৰ প্ৰগলভ বুকুত মুৰ থৈ

গেৰ মেলা শইচে নাহাঁহিলেহেঁতেন !

ৰ'দালি নহাহেঁতেন শেলুৱৈ ধৰা বুকুৰ মাজত

তোমাৰ নিঃশব্দ অৱস্থিতি, আবেগসিক্ত প্ৰণয়ৰ

নিৰৱ অনুভূতি উপলব্ধি নকৰিলোহেঁতেন

ৰৌদ্ৰজ্যোৎস্নাৰ পৰশ নাপালে কেনেকৈ

হৃদয়ৰ নীলা অনুভূতিবোৰ আকাশবিস্তৃত

নীলাক্ষীৰ নীলিমাত বিলীন কৰিলোহেঁতেন

মধ্যাহ্নৰ সূৰুযৰ জ্যোতিষ্ক নোহোৱাহেঁতেন

হৃদয়ৰ বতৰাৰে মলয়াৰ পাখিত গাঠি

তোমাৰ হৃদয়ৰ ঠিকনালৈ কিদৰে পঠিয়ালোহেঁতেন চিকমিক বালিচন্দাৰে

 জিলিকাই হেজাৰ ৰ'দৰ চিঠি !


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages