মাটিৰ ভোক
মামণি ডেকা
প্ৰতিটো ৰাতিয়ে পাৰ কৰিছোঁ
হিচাপ ৰখা নাই
বাৰম্বাৰ হেৰুৱাইছো
ৰাতিবোৰ হাতে হাতে ভগাই লৈছোঁ
সাধুজনৰ দৈৱ বাণী শুনিছোঁ
গাত সানি লৈছো সাতোৰঙী আবিৰ
মাজে মাজে চিতা ভষ্মৰ ছাই
মাজে মাজে সন্ধান কৰিছোঁ
সাতাম পুৰুষৰ পিৰালি
কেতিয়াবা জ্বলি উঠিছো
সুদিন হৈ শৰীৰত উত্তাপ সানিছো
কেতিয়াবা নুমুৱাইছো দগ মগ
বুকুৰ জুই
দিন ৰাতিৰ পাতে পাতে
আন্ধাৰ ফুটি ওলাই আহিছো
কেতিয়াবা ধোঁৱা হৈ উৰিছো
জীৱনৰ শব্দৰে ছন্দ বিচাৰিছো
জিলমিল পোহৰত শব্দৰ কাতৰত কেতিয়াবা উবুৰি খাইছো
এচপৰা আন্ধাৰ সুগভীৰ নাভিকমলত কেতিয়াবা ডুব মাৰিছো
ভোকৰ তাড়নাত
মিহলি হৈছো মাটিৰ বুকুত
সেই ভোক সোণালী ভোক নহয়
মাটিৰ ভোক !!!
No comments:
Post a Comment