মই অৰণ্য মানৱ
দেবানন্দ পায়োন
হেৰাই গলোঁ বুলি নাভাবিবা বন্ধু
মই সোৱণশিৰিৰ পাৰতেই আছোঁ ।
ইকৰা-বাঁহেৰে সজা পজাত নিবাস,
নাহাঁহিবা বন্ধু সভ্যতাৰ বাহিৰত বুলি;
মই প্ৰকৃতিৰ কোমল কোলাত অৰণ্যমানৱ।
হব পাৰোঁ নাঙলৰ মুঠিৰ ঘঁহনিত
হস্তৰেখাৰ চিহ্ন হেৰুৱা আৰু শুভ্ৰ বলুকাৰ ঘৰ্ষণত
ভৰিৰ পতা সমান পৰা;
মই প্ৰকৃতিৰ কোমল কোলাত অৰণ্যমানৱ।
চহৰ মূখহীন নৈপৰীয়া বুলি
নাহাঁহিবা বন্ধু;
মই তোমাৰ বাবেহে আছোঁ।
যদি মই চহৰত থাপিলোঁহেঁতেন
যদি মই নহলোঁহেতেন বলোভদ্ৰ
নাপালাহেঁতেন তুমি সতেজতা;
নাপালাহেঁতেন সপোন ভৰা মুকলি আকাশ
মুখৰিত হয় যত প্ৰকৃতিৰ জয়গান।
হেৰাই যোৱানাই মই বন্ধু
প্ৰকৃতিৰ কোলাত মই অৰণ্যমানৱ।
No comments:
Post a Comment