তুমি এদিন উভতি আহিবা
অম্লান পাংগিং
জ'হ কালি নিজম দুপৰীয়া
তুমি এদিন উভতি আহিবা
সেই বাটেদি,
উজনিমুৱা ৰে'লত উঠি
ভালপোৱাৰ ঠিকনা বিচাৰি....।
যি বাটেদি মৰম-ভালপোৱা সকলো আহে।
বাট চাই ৰৈ থাকিবা মোৰ বাবে
জপনামূখত ৰ'য় ।
কপালত এটি মিঠা আবেলিৰ সেন্দুৰীয়া বোল,
মূৰত ঢাকি ৰখা এখন লাজৰ ওৰণি,
গালত নকৈ ফুলি উঠা এপাহি ৰঙা গোলাপ,
দুচকুৰ পতাৰত কাজলসনা চাৱনি,
মুখত যেন এটি কৃষ্ণচূড়াৰ হাঁহি।
আৰু মোক সুধিবা.....
প্ৰেম মানেনো কি ?
প্ৰত্যুত্তৰত তোমাক মই.........
ক'ম ক'ম বুলি ভাবিও
কোৱাই নহ'ল অ' কথাষাৰ তোমাক....
আজিও সংগোপনে লুকুৱাই ৰাখিছো
মোৰ বুকুৰ মাজত
এখিলা উকা কাগজৰ দৰে।
'প্ৰেম মানে হৈছে এক স্বৰ্গীয় অনুভূতি।"
য'ত প্ৰেম আছে তাত প্ৰতিশ্ৰুতি আছে,
য'ত প্ৰতিশ্ৰুতি আছে তাত বিশ্বাস আছে,
য'ত বিশ্বাস আছে তাত ভালপোৱাও আছে...
এয়াই মোৰ বাবে প্ৰেম ।
হঠাৎ , মোৰ হৃদয়ৰ গোপন কোঠালীত
আজি এইয়া কাৰ আগমণ ?
নিৰিবিলি এজাক বতাহ.....
ভঙা খিৰিকীখন খুলি চালোঁ.......
এতিয়া এই চিনাকি ৰাস্তাটোৱেদি তোমাৰ সঘনাই আহ্-যাহ্...।
মোৰ বাবে......
বেঙুনীয়াবোৰ প্ৰিয় হৈ উঠিছে
এজাৰ ফুলাৰ দৰে......।
তুমি এদিন উভতি আহিবা ...
প্ৰেমৰ বতৰা লৈ।
No comments:
Post a Comment