বিশ্ব শান্তিত গান্ধীৰ প্ৰাসংগিকতা
জাতিৰাম কমান
হিন্দুধৰ্মৰ মূল ধৰ্মগ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাৰ মূলমন্ত্ৰ হল 'বসুদৈৱ কুটুম্বকম'। অৰ্থাৎ বিশ্ব ভাতৃত্ববোধ।আৰু বৌদ্ধধৰ্মৰ মূলমন্ত্ৰ হল_'অহিংসাই পৰম ধৰ্ম'।মহাত্মা গান্ধীৰ গান্ধী দৰ্শন এই দুই মহামন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত।গান্ধীজীয়ে গীতা আৰু বুদ্ধৰ আধ্যাত্মিক ধ্যান ধাৰণাক গভীৰ ভাৱে অধ্যয়ন কৰি প্ৰভাৱিত হৈছিল আৰু গোটেই জীৱন গীতাৰ সাৰবাণী আৰু বুদ্ধৰ অহিংসা নীতিক সাৰোগত কৰি জীৱনৰ প্ৰতিটো ক্ষণ সেই অমোঘ বাণীসমূহ নিজৰ ওপৰত প্ৰয়োগ কৰিছিল।
ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰনীতিক লৈ প্ৰাচ্য তথা পাশ্চাত্যৰ বহু দাৰ্শনিক পণ্ডিতৰ মতাদৰ্শৰ আলমত আন্তৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক ৰাজনীতি ও কূটনীতি পৰিচালিত হোৱা পৰিলক্ষিত হয়।প্লেটো,এৰিষ্ট'টল,হ'বচ, মেকিয়াভেলি,টলষ্টয়,ভল্টেয়াৰ,ৰুছো, কাৰ্ল মাক্স কিম্বা মেক্সিম গৰ্কী আদি দাৰ্শনিক মনিষীসকলে দেখুৱাই যোৱা ৰাজনৈতিক দৰ্শনক আধাৰ হিচাপে লৈ দেশ বিদেশৰ কুটনীতিসমূহ প্ৰয়োগ কৰি আহিছে বিশ্বৰ গনতান্ত্ৰিক তথা স্যম্যবাদী দেশসমূহে।বিশ্বৰ দুই এখন ৰাজতন্ত্ৰ অথবা একনায়কত্ববাদী দেশসমূহৰ বাদে বাকী অধিকাংশ দেশেই সেই সেই মনিষী সকলে দেখুৱাই যোৱা মতাদৰ্শৰ আলম লৈ গনতান্ত্ৰিক তথা সাম্যমাদী মূল্যবোধৰ আধাৰত ৰাষ্ট্ৰ পৰিচালনা কৰি আহিছে আৰু কুটনৈতিক সম্বন্ধ স্থাপন কৰি আহিছে।
ওপৰত উল্লেখিত ৰাজনৈতিক মনিষী সকলত বাদেও আজিৰ বিশ্বত আৰু এগৰাকী মহান ৰাজনৈতিক দাৰ্শনিক হল মহা মানৱ মহাত্মা গান্ধী।পূৰ্বতে গান্ধীজীৰ ৰাজনৈতিক দৰ্শনক বিশ্বৰ বহু ৰাজনীতিবিদে সাংঘাতিক ধৰণে অনুসৰণ কৰা নাছিল অথবা ইয়াক প্ৰয়োগ কৰা পৰিলক্ষিত হোৱা নাছিল।কিন্তু দ্বিতীয় বিশ্ব যুদ্ধ আৰু তাৰ পৰৱৰ্তী কালছোৱাত দিন যোৱাৰ লগে লগে গান্ধীজীৰ ৰাজনৈতিক দৰ্শনে অধিক প্ৰাসংগিকতা লাভ কৰিবলৈ লৈছে বিশেষকৈ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ দিশত।
গান্ধী দৰ্শন বা গান্ধীবাদ হল আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক মতাদৰ্শ।গান্ধীবাদৰ মূল আধাৰ বৈদিক যুগৰ 'ৰামৰাজ্য' হলেও ৰামৰাজ্যত প্ৰতিষ্ঠিত গনতান্ত্ৰিক মূলবোধক কেতিয়াও নুই কৰিব নোৱাৰি।সাম্প্ৰতিক কালৰ দেশনীতিত ৰামৰাজ্যৰ দৰ্শন অপ্ৰাসংগিক যেন লাগিলেও ইয়াত নিহিত থকা মূল্যবোধক কাহানিও অস্বীকাৰ কৰিব নোৱাৰি।
আমি আগতেই উনুকিয়াই আহিছোঁ যে গান্ধীবাদৰ মূল নীতি গীতা আৰু বুদ্ধৰ সাৰবাণীৰ ওপৰত প্ৰতিষ্ঠিত।অহিংসা নীতিক সাৰোগত কৰি গোটেই বিশ্বক ভাতৃত্ববোধেৰে পৰিচালিত কৰি শান্তি প্ৰতিষ্ঠা কৰাই হল গান্ধীবাদৰ মূলনীতি।
এঠাইত গান্ধীজীয়ে কৈছে যে__বিশ্বৰ ভিন ভিন দেশৰ সামৰিক বাহিনীৰ অধিনায়ক সকলৰ পত্নীসকলে যদি অধিনায়ক পতিসকলক যুদ্ধৰ পৰা বিৰত থাকিবলৈ সৈমান কৰাব পাৰে তেন্তে যুদ্ধ অনায়াসে ৰোধ কৰিব পাৰে!কাৰণ,সৰহ সংখ্যক পতিয়েই সাধাৰণতে পত্নীৰ কথা শুনে।!কিন্তু দুৰ্ভাগ্যবশতঃ কাৰ্য্যক্ষেত্ৰত এয়া হৈ নুঠা বাবেই বহু দেশৰ মাজত যুদ্ধ সংঘটিত হয়।
ইংৰাজীত এষাৰ কথা আছে যে__Absolute power corrupts absolutely.ভাৱাৰ্থ__নিৰংকূশ ক্ষমতাই নিৰংকূশভাৱে ভ্ৰষ্ট হয়।যিকোনো দেশৰ ৰাষ্ট্ৰপ্ৰধান নিৰংকূশ ক্ষমতাৰে অধিষ্ঠিত হলে তেওঁ নিৰংকূশ ভাৱে ভ্ৰষ্ট হোৱাটোৱেই স্বাভাৱিক:কাৰণ,মানুহে অধিক ক্ষমতা পালে অধিক ভ্ৰষ্টাচাৰত লিপ্ত হয়।
সাম্প্ৰতিক কালৰ বিশ্বৰ তেনে নিৰংকূশ ক্ষমতাৰে ক্ষমতাসীন ৰাষ্ট্ৰনপ্ৰধানসকল ক্ৰমে উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উন,চোভিয়েট ৰুছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন,কম্যুনিষ্ট মহাচীনৰ ৰাষ্ট্ৰপতি জিং জিনপিং আৰু ম্যানমাৰৰ স্বৈৰাচাৰী সামৰিক শাসন।অৱশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিৰ শাসনকো একেটা শ্ৰেনীত ৰাখিব পাৰি।এয়া গনতান্ত্ৰিক স্বৈৰতন্ত্ৰৰ নামান্তৰ।
ভ্লাডিমিৰ পুটিনে নিজৰ ইচ্ছানুসাৰে আজীৱন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত থকাৰ অনুকূলে আইন নিজেই পাছ কৰাই লৈছে ৰাছিয়াৰ প্ৰেছিডিয়ামত।তেওঁ ইচ্ছা কৰিলে জীৱনৰ অন্তিম কাললৈ এই পদত অধিষ্ঠিত থাকিব পাৰিব।ৰাছিয়ান সামৰিক বাহিনীৰে বলীয়ান হৈ পুটিনে চুবুৰীয়া ৰাষ্ট্ৰ ইউক্ৰেনক আক্ৰমন কৰিবলৈ লৈছে।আচলতে বিভাজনৰ আগতে ইউক্ৰেন চোভিয়েট সংঘৰ অংগৰাজ্য আছিল।ৰাছিয়া আৰু ইউক্ৰেনৰ কৃষ্টি-পৰম্পৰা,ভাষা সংষ্কৃতি প্ৰায় একেই;সংযুক্ত চোভিয়েট ইউনিয়নৰ বিভাজনৰ ফলত মাত্ৰ সীমাটোহে ভাগ হৈছে।
পুটিন সমন্বিতে ৰাছিয়ান সৈন্যৰ ইউক্ৰেন আক্ৰমণ তথা আগ্ৰাসনৰ মূল কাৰণ হল ইউক্ৰেনে ইউৰোপিয়ান সংঘত NATO(North Atlantic Treaty Organisation)চামিলকৰণ আৰু ৰুছিয়াৰ চিৰবৈৰী তথা প্ৰতিদ্বন্দ্বী মাৰ্কিন যুক্তৰাষ্ট্ৰ(USA)ৰ লগত মিত্ৰতা স্থাপন।ৰুছিয়া যিকোনো প্ৰকাৰে ইউক্ৰেনক NATO ৰ সদস্যভুক্তিৰ পৰা প্ৰতিহত কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত মৈত্ৰীস্থাপনত হকাবধা দিয়া,আৰু নিজৰ প্ৰভাৱ ইউক্ৰেনৰ ওপৰত বৰ্তাই ৰখা।
ইযিকিনহওঁক,চোভিয়েট ৰুচিয়াই অন্যায়ভাৱে ইউক্ৰেন আক্ৰমন কৰি ৰাজধানী কিয়েভ চিটিক যুদ্ধ বিধব্স্ত কৰি ইউক্ৰেনত ত্ৰাসৰ সৃষ্টি কৰাতো কোনো কালেই সমৰ্থনযোগ্য নহয়।ক'ৰণাত বিধব্স্ত বিশ্বত ভূতৰ ওপৰত দানহ পৰাৰ দৰে ৰুচিয়াৰ যুদ্ধৰ তৎপৰতাই বিশ্ব শান্তিক অধিক সংকটত পেলোৱাৰ অৱকাশ বিদ্যমান।আফগানিস্তানৰ তালিবানী উত্থান,উত্তৰ ভাৰতৰ ভূমিত চীনৰ আগ্ৰাসন,কাশ্মীৰত পাকিস্থানী সন্ত্ৰাসবাদীৰ সংঘৰ্ষ,দক্ষিন পূব এচিয় সাগৰীয় অঞ্চল তথা সাগৰীয় দ্বীপ টাইপেই'ক চীনৰ আক্ৰমণে বিশ্বক অধিক পৰিমাণে অশান্তময় কৰি তুলিছে।
আজিৰ তাৰিখত ইউক্ৰেনৰ সাধাৰণ জনতা আতংকগ্ৰস্থ!ঠিক যোৱা বৰ্ষত তালিবানী উত্থানত আফঘান জনতা সন্ত্ৰাসিত হোৱাৰ দৰে!মুঠতে মাজে সময়ে উত্থান হোৱা স্বৈৰাচাৰী শাসন অথবা স্বেচ্ছাচাৰী শাসকৰ আতিশয্যত দেশৰ সাধাৰণ জনতাৰ প্ৰাণ হানি হোৱাৰ লগতে দেশৰ কীৰ্তিচিহ্ন,সা সম্পদৰ ক্ষতিসাধন হয় প্ৰচুৰ পৰিমাণে।
ওচামা বিন লাডেন আৰু ছাদ্দাম হুছেইনক প্ৰাণদণ্ড দি মাৰ্কিন প্ৰশাসনে ইশ্লামিক সন্ত্ৰাসবাদ দমন কৰি কিছু ঠাণ্ডা কৰিলে কিন্তু এতিয়াৰ চোভিয়েট ৰুচিয়াই ইউক্ৰেন আক্ৰমন কৰাক লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই কি ভূমিকা লব?ইউক্ৰেনক চোভিয়েট ৰুছিয়াৰ আগ্ৰাসনৰ পৰা বচাব পাৰিবনে মাৰ্কিন প্ৰশাসনে?ৰুছিয়াৰ পুৰণি বন্ধু ভাৰতৰ ভূমিকা কি হব?ভাৰতে ৰুছিয়াৰ পক্ষ লবনে?নে যুদ্ধ বিধব্স্ত ইউক্ৰেনক সমৰ্থন কৰিব??এইবোৰেই হল আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন!
যত যিমানেই যুদ্ধ বিগ্ৰহ নহক লাগে যুদ্ধত দুয়োপক্ষৰ ক্ষতিসাধন হয়।তাৰো ওপৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হয় মহামূল্যবান মানৱ সম্পদ আৰু মানৱীয়তা।মানৱীয়তাক ভূলুন্ঠিত কৰা যুদ্ধৰ দৰে নৃশংস কাৰ্য্যক প্ৰতিহত কৰিব পৰা আজিৰ তাৰিখৰ একমাত্ৰ অমোঘ অস্ত্ৰটোৱেই হল গান্ধীৰ অহিংসা নীতি আৰু বিশ্ব ভাতৃত্ববোধ।যুদ্ধ বিগ্ৰহ,ৰণ,
সমৰক্ষেত্ৰত কেৱল মাত্ৰ হয় মৃত্যু বিভীষিকা।সকলো শক্তিশালী ৰাষ্ট্ৰৰেই পাৰমাণৱিক বোমা আৰু সামৰিক ক্ষেপনাস্ত্ৰ মজুত থাকে।প্ৰত্যেক ৰাষ্ট্ৰই যদি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ পৰস্পৰে অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰে তেন্তে এইখন বিশ্বৰ কি অৱস্থা হবগৈ?মাৰি কাটি শেষ কৰি যদি মানুহেই নাথাকে তেন্তে এই পৃথিৱীখনত থাকিব কোন?বিশ্বৰ শক্তিশালী দেশবোৰে প্ৰত্যেকেই যদি পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিবলৈ লয় তেন্তে বিশ্বৰ মানৱ সমাজ ধংব্স হবলৈ কেতেপৰ?
কাজেই,বিশ্ব সভ্যতাক জীয়াই ৰাখিবলৈ আজিৰ দিনত লাগে আমাক গান্ধীজীৰ সেই অমোঘ মন্ত্ৰ;যিটো হল অহিংসা নীতি আৰু বিশ্ব ভাতৃত্ববোধ।গান্ধীজীৰ ৰাজনৈতিক দৰ্শন আজিৰ অশান্ত বিশ্বত অতিশয় প্ৰাসংগিক আৰু প্ৰয়োজনীয়।
কেৱল মাত্ৰ গান্ধীবাদেই আজিৰ বিশ্বক তৃতীয় বিশ্ব যুদ্ধৰ আশংকাৰ পৰা মুক্ত কৰিব পাৰে।একমাত্ৰ গান্ধী দৰ্শনেই বিশ্ব মানৱ আৰু বিশ্ব সভ্যতাক ধংব্সৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰে।জয়তু গান্ধীজী,জয়তু গান্ধীবাদ॥


No comments:
Post a Comment