কেৰিয়াৰ হিচাপে বিদেশী ভাষা (Foreign Languages)
ড° বুলজিৎ বুঢ়াগোহাঁই
বিদেশী ভাষা ( Foreign Languages) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে । আমাৰ দেশৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিদেশী ভাষা , যেনে- আৰবী (Arabic), বুলগেৰিয়া (Bulgarian), চীনা (Chinese),ফৰাছী (French), জাৰ্মান (German), হাঙ্গেৰিয়া (Hungarian), ইটালিয়ান (Italian), জাপানি (Japanese), পৰ্তুগিজ (Portuguese), পাৰ্চি (Persian), ৰুজ (Russian), স্পেনিচ (Spanish) আদি ভাষাত চাৰ্টিফিকেট , ডিপ্লমা , স্নাতক , স্নাতকোত্তৰ , এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰ ।
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘বিদেশী ভাষা’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in)ত ‘আৰবী (Arabic)’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৬০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । ফৰাছী (French) ভাষাৰ প’ষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন আৰু প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন । ৰুজ (Russian) ভাষাৰ প’ষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন আৰু প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন । পাৰ্চি (Persian) বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন,প’ষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । তুৰ্কী ভাষাৰ এডভান্স ডিপ্লমা পাঠ্যক্ৰমত আসনৰ সংখ্যা ২০ খন ।
ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in)ত তাই ভাষা (Tai Language )ৰ দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।
অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in)ত আৰবী (Arabic) বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩১খন, এম.ফিল. , পি.এইচ.ডি. আৰু ডি.লিট. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । ফৰাছী (French) বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন, Certificate of Proficiency পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন, Diploma of Proficiency পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন, Advanced Diploma পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন, Fast Track Courseপাঠ্যক্রমত আসনৰ সংখ্যা ৩০খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।
তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in)ত চীনা (Chinese) ভাষাত এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।
কটন বিশ্ববিদ্যালয়(http://cottonuniversity.ac.in) ত আৰবী (Arabic) আৰু পাৰ্চি (Persian) বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । লগতে আৰবী আৰু পাৰ্চি বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।
অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (www.jnu.ac.in) , দিল্লী বিশ্ববিদ্যালয় (http://du.ac.in) , ইংৰাজী আৰু বিদেশী ভাষা বিশ্ববিদ্যালয়, হায়দৰাবাদ (http://www.efluniversity.ac.in), কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in), কুৰুক্ষেত্র বিশ্ববিদ্যালয় (www.kuk.ac.in) , কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in) , গোৱা বিশ্ববিদ্যালয় (https://www.unigoa.ac.in) , গুৰু নানক দেৱ বিশ্ববিদ্যালয় (https://online.gndu.ac.in) , মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in) , পুণে বিশ্ববিদ্যালয় (www.unipune.ac.in) আদি। এই শিক্ষানুষ্ঠানবোৰৰত বিদেশী ভাষাৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।
বিদেশী ভাষা অধ্যয়ন কৰি বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে । যেনে- এয়াৰ হোষ্টেছ (Air Hostess) , বিদেশী ভাষা শিক্ষক (Foreign Language Teacher) ,মুক্ত লেখক (Freelance Writer), দোভাষী (Interpreter), ভাষা বিশেষজ্ঞ ( Language specialists), জনসম্পৰ্কৰক্ষী বিষয়া ( Public Relation Officer), গৱেষক সহযোগী ( Research associate), টুৰিষ্ট গাইড (Tourist guide) , অনুবাদক (Translator) আদি ।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. :কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন(৯৪৩৫১৮৮৬৩০)কৰিব পাৰে ।


No comments:
Post a Comment