মিচিং ভাষা শিক্ষা
খগেন পেগু
দশম খণ্ড (প্ৰথম ভাগ)
ইয়াত এটা কথা উল্লেখযোগ্যযে ব্ৰহ্মপুত্ৰ লিখাৰ দৰে আমাৰ মানুহৰ নাম কিছুমানতো ব্ৰ, প্ৰ, ত্ৰ, ন্দ্ৰ আদি ৰ-কাৰ থকা ধ্বনিসমূহ মিচিং ভাষাত নথকাত নিৰক্ষৰ মিচিংসকলে উচ্চাৰণ কৰাত কিছু বিজুতি প্ৰদৰ্শন কৰা দেখা যায়৷ যেনে—ব্ৰহ্মপুত্ৰ, ব্ৰজেন, ডিব্ৰুগড়, প্ৰবীণ, প্ৰতাপ, ইন্দ্ৰেশ্বৰ আদিক বৰ্মপুত্তৰ, বৰ্জেন, দিবুৰুংগঃৰ, পৰ্বীণ, পৰ্তাপ, ইন্দেশ্বৰ আদি উচ্চাৰণ তাৰ জলন্ত উদাহৰণ৷ অৱশ্যে তেনে উচ্চাৰণ পঞ্জাৱী আৰু হিন্দীভাষীসকলেও কৰা দেখা যায়৷ যেনে, ধৰ্মেন্দ্ৰ, পৰমীন্দ্ৰ, জীতেন্দ্ৰ আদিক তেওঁলোকে ধৰ্মেন্দৰ, পৰমিন্দৰ, জীতেন্দৰ আদি উচ্চাৰণ কৰে৷ কিন্তু মিচিং ভাষাত সেইবোৰ br, pr, tr, ndr আদি ব্যৱহাৰ কৰি নিম্নোক্তধৰণে লিখিব লাগে৷ যথাঃ
Bromoputro, Brojen, Dibrugor, Dikrong, Probin, Protap, Trironjon, Bidrinath, Indresor, Robindro Bhobon, Jitendro, Dhormendro ইত্যাদি৷
ইয়াতে মন কৰিবলগীয়া কিছুমান কথা আছে৷ বহুতে নিজৰ অজ্ঞতাবশতঃ মিচিং ভাষাৰ বাক্যৰ মাজত মিচিং শব্দৰ দৰেই ইংৰাজী শব্দও খেলিমেলিকৈ লিখি দিয়ে৷ ফলত মিচিং কোনটো, ইংৰাজী কোনটো শিক্ষাৰ্থী বা নৱপ্ৰজন্মই ধৰিব নোৱাৰে৷ সেয়ে নজনা বহুতে মিচিং লিখিছোঁ বুলি লিখে ঠিকেই, কিন্তু নিজৰ নামটোও ইংৰাজী বানানেৰে লিখি প্ৰকাশ কৰে৷ ফলত আজি মিচিং ভাষা-চৰ্চ্চা একপ্ৰকাৰ দিশহাৰা৷
উপৰিউক্ত খেলিমেলিবোৰ নাইকীয়া কৰিবলৈ টাবুৰাম টাইদ ছাৰে তেওঁৰ Mising Agom Kapé Atpénammén শীৰ্ষক প্ৰবন্ধ আৰু 'মিচিং ভাষাৰ বানান পদ্ধতি' বৈয়াকৰণিক গ্ৰন্থৰ যোগেদি নিম্নোক্ত ধৰণে পৰামৰ্শ আগবঢ়াইছে৷ যথাঃ
এক
মিচিং ভাষা লিখিবৰ বাবে সংশোধিত ৰোমান লিপি লোৱা হৈছে৷ সেয়ে মিচিং শব্দৰ মাজত ইংৰাজী শব্দ লিখিবলগীয়া হ'লে হয় ইটালিক্স কৰি লিখিব লাগিব, নতুবা ইংৰাজী শব্দটো Inverted coma অৰ্থাৎ উৰ্ধ কমাৰ ভিতৰত লিখিব লাগিব৷ নহ'লে শিক্ষাৰ্থীয়ে কোনটো মিচিং, কোনটো ইংৰাজী শব্দ ধৰিব নোৱাৰিব৷ মিচিং বাক্যৰ ভিতৰত ইংৰাজী শব্দ কেনেকৈ উৰ্ধ কমাৰ ভিতৰত লিখিব লাগে তাৰ উদাহৰণ তলত দেখুৱাই দিয়া হ'ল—
Bí 'Cotton College'do porika. Odok lédípé "Guwahati University"do porika. ইত্যাদি৷
নতুবা, গোটেইখিনি শব্দ মিচিং বানানেৰেই লিখি প্ৰকাশ কৰিব লাগে৷ উদাহৰণ—
Bí Koton kolejdo porika. Odok lédípé Guati: Yunibharsiti:do porika. ইত্যাদি৷
ইয়াত এটা কথা লিখি দেখুৱা ভাল হ'ব৷ সেয়া হ'ল, মোৰ নামটো ইংৰাজীত লিখিলে Khagen Pegu হ'ব; কিন্তু মিচিঙত লিখিলে হ'ব Khogen Pe:gu. আমি ভাৱোঁ, আমাৰ লিখক বা লেখকসকলে এই কথা সহজেই বুজি পোৱা উচিত৷ নহ'লে মিচিংনে ইংৰাজী তাৰ পাৰ্থক্য পাঠকে বুজি নাপাব৷
দুই
শব্দ বিভক্তি, ক্ৰিয়া বিভক্তি, প্ৰত্যয় আদি হ'ল Bound Form, অৰ্থাৎ এইবোৰ শব্দাশ অন্য মূল-শব্দৰ পৰাধীন হৈ থাকে৷ আনহাতে, বিশেষ্য, বিশেষণ, ক্ৰিয়া আদি Free Form, অৰ্থাৎ স্বাধীন শব্দ হিচাপে ব্যৱহাৰ হ'ব পাৰে৷ যেনে—La:+len+yé+pè. ইয়াত La: ধাতুৰ বাহিৰে বাকী সকলো শব্দাংশ Bound অৰ্থাৎ পৰাধীন প্ৰকৃতিৰ৷ এনেধৰণৰ পৰাধীন শব্দাংশসমূহ মূল শব্দৰ লগত লগ লগাই লিখিলে সম্পূৰ্ণ শব্দটোৰ অৰ্থ স্পষ্টৰূপে ওলাব; কিন্তু মিচিং ভাষাত শব্দৰ ৰূপ কেতিয়াবা ভালেখিনি দীঘল হ'ব পাৰে৷ যেনে—Kanggabla:manggomsin. এনেবোৰ ক্ষেত্ৰত পঠনৰ সুবিধাৰ অৰ্থে, অৰ্থাৎ Readabilityৰ বাবে এনেকুৱা দীঘল শব্দবোৰক ভাঙি দুভাগ কৰি লিখাৰ এটা ৰীতি আমি বান্ধি ল'ব পাৰোঁ৷ যেনে—Kanggabla:mang-gomsin—এনেধৰণে৷
অৱশ্যে উদাহৰণত দেখুওৱাৰ দৰে পৰাধীন(Bound) শব্দাংশৰ আগত হাইফেন(-) দিয়া উচিত হ'ব৷ কিয়নো হাইফেন নিদিলে কোনো কোনো ক্ষেত্ৰত শব্দৰ অৰ্থও খেলিমেলি হ'ব পাৰে৷ যেনে—(i) Gílen-boyépé, (ii) Ko:dém boyépé—এই দুটা বাক্যত (ii)নং বাক্যৰ boyépé এটা Free(মুক্ত) শব্দ; কিন্তু (i)নং বাক্যত -boyépé এটা Bound(বদ্ধ) শব্দাংশ৷ গতিকে Free অৰ্থাৎ মুক্ত আৰু Bound(বদ্ধ) ৰূপৰ পাৰ্থক্য দেখুৱাবলৈ Bound শব্দাংশৰ ক্ষেত্ৰত, শব্দাংশটোৰ আগত হাইফেন(-) ব্যৱহাৰ কৰিলে অৰ্থৰ খেলিমেলি বিশেষ নাথাকিব (যদি Bound শব্দাংশ মূল শব্দৰ পৰা পৃথক কৰি লিখা যায়)৷
অৱশ্যে শব্দ দীঘল হ'লেও দুভাগতকৈ অধিক ভাগত বিভক্ত কৰিলে শব্দটোৰ মূল ৰূপ বৰ বেছি সিঁচৰতি হৈ পৰিব৷ গতিকে যথেষ্ট দীঘল হ'লেও দুটাতকৈ বেছি ভাগত বিভক্ত কৰি লিখা বৰ যুগুত নহ'ব৷
উল্লেখযোগ্য যে, বৰ্তমান বহুতেই উপৰিউক্ত কথাবোৰ নাজানি এটা শব্দ বা পদক কেইবাটাও টুকুৰা কৰি লিখা সঘনে চকুত পৰে৷ আজিকালি আনকি মিচিং ভাষা লিখোঁতে টাবু টাইদদেৱৰ 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপখন পঢ়িবলৈ পৰামৰ্শ দিয়াটোক মিচিং কবিতা লিখা এটা ৱাটছেপ গ্ৰুপৰ মানুহে খুব বেয়া পায়৷ অৰ্থাৎ তেওঁলোকক অন্যপন্থী যেন লাগে৷
এইখিনিতে আৰু এটা কথা উল্লেখযোগ্যযে, পৰিভাষাৰ অভাৱত আমি বহুতো দেশী-বিদেশী শব্দ ঋণ শব্দ(Loan word) হিচাপে ব্যৱহাৰ কৰিবলগা হৈছে৷ পৰিভাষা তৈয়াৰ কৰাৰ পিছতো কিছুমান ঋণ শব্দ ব্যৱহাৰ কৰি থাকিবলগা হ'ব পাৰে৷ এনে ঋণ শব্দ মিচিং ভাষাৰ সচৰাচৰ অংগ যদি হৈ পৰে, তেন্তে আমি আগতে ওপৰত উল্লেখ কৰি অহা ধৰণে প্ৰয়োজন সাপেক্ষে h(হ) বা pr, br আদি ব্যৱহাৰ কৰি মিচিং উচাচাৰণৰ কাষ চপাকৈ লিখিব লাগে৷ যেনে—Hai kort, Bu:k pheyar(Gronthomela), Prodhan Montri:, Mukhyomontri:, Jorj Bu:s, Toni: Bleyar, Iskul, Kolej, Yunibharsiti:(Bissobidya:loy), Lungi:, Langi: ja:l(Langi: ésab) ইত্যাদি৷ এনেদৰে লিখিলে শব্দবোৰৰ ওপৰত দুইকাষে দুটাকৈ উৰ্দ্ধকমা(Inverted Coma) দিব লাগে; কিন্তু মূল বানান একে ৰাখি বিদেশী বা ঋণশব্দ যদি লিখা হয়, তেন্তে এনে শব্দৰ ওপৰত দুইকাষে দুটাকৈ উৰ্দ্ধকমা দিব লাগে বুলি 'মিচিং ভাষৰ বানান পদ্ধতি' কিতাপখনতো কোৱা হৈছে৷ যেনে—'High Court', 'Book Fair', 'Prime Minister', 'Chief Minister', 'Education Minister', 'George Bush', 'Tony Blair‘, 'School', 'College‘, 'University' ইত্যাদি৷ নতুবা সেইবোৰ সম্পূৰ্ণ মিচিং বানানেৰে লিখিব পাৰি৷ তেতিয়া উৰ্ধক'মা দিয়াৰ একো প্ৰয়োজন নাই৷ যেনে—Haikort, Bukpheyar, Praim Ministar,....,Mukhyomontri:, Hikkamontri:, Jorj Bush, Toni: Bleyar, Iskul, Kolej, Yunibharsiti: ইত্যাদি৷


No comments:
Post a Comment