দফা এশ তিৰাল্লিশ
ৰিপুঞ্জয় বৰুৱা ঋমন
দুৰ্ভাবনাত সেই মাত শুনি
বুকুৰ চেচুঁকত পোহৰ হৈ ফুলে চন্দ্ৰমুখী
মই জী আছোঁ, যদিও বুকুত ধলফাট
বহুদিন হ'ল বৰষুণত নিতিতা
মন পানীপিয়া চৰাই
উন্মাদনাত বিষাদ ঘোদালি ধৰফৰাই
দফা এশ তিৰাল্লিশ
এক জনপ্ৰিয় ৰোগ
এতিয়া ভৰ বাৰিষাতো মেঘ মূৰ্ছা যায় ।


No comments:
Post a Comment