ৰূপহী অসমী
কল্পনা হাতীবৰুৱা
গোলাঘাট
সুজলা-সুফলা,শস্য- শ্যামলা
ৰূপহী অসমী আই
বিধাতাই সাজিলে তোমাৰ
বুকুখনি ৰূপৰ যে তুলনা নাই
উত্তৰে আছে গিৰি হিমালয়
আই তোমাৰ শিৰৰ ভূষণ
পূবে পাটকাই দক্ষিণে মেঘালয়
সেউজী বৰণে চৰায় ৰূপৰ ৰহন
বৰাক ব্ৰক্ষ্মপুত্ৰ জান জুৰি নৈ
তোমাৰ বুকু শীতল কৰি
নিৰবধি বৈছে মাথো পৰাণ জুৰাই
দূৰ দিগন্তৰ নীল সাগৰক ধিয়াই
কাজিৰঙা, মানাহ, নামবৰ বুকুত
কিমান যে পশু-পক্ষীৰ বসবাস
দেশী-বিদেশী পৰ্যবেক্ষকৰ মন জুৰে
চুই যায় যেতিয়া হৃদয়ক মুক্ত সুবাস
নিত্য নতুন সৌন্দৰ্য্য সম্ভাৰ
বছৰটি সাজোন ধৰে ছয় ঋতুত
চৌদিশৰ সেউজী সপোন ভাহে
আই অসমীৰ শীতল বুকুত
ঘনে ঘনে সলোৱা ৰংৰূপে তোমাৰ
পুলকিত কৰি তোলে মন
জীয়াই থকাৰ সপোন ৰচে কৃষকে
পথাৰখনক কৰি নদন-বদন
কবিয়ে ৰচে কবিতাৰ চন্দ
তোমাৰেই ৰূপ বৰ্ণাই
গীতিকাৰে ৰচে গীত মাত লয়
হৃদয়ৰ মণিকোঠা তুলি ঝংকাৰ।
No comments:
Post a Comment